পুনৰ বার্ড ফ্লুৰ আতংক ! এইবাৰ মহাৰাষ্ট্রত ২৫ হেজাৰ মুৰ্গী নিধনৰ নির্দেশ

Bird flu 1645110765121 1645110765440

পুনৰ দেশত বার্ড ফ্লুৰ (Bird flu) আতংক । বিহাৰত অতি সংক্ৰামক এইচ৫এন১ ভাইৰাছৰ সন্ধান পোৱা গৈছিল এটা প’লট্রিত । এইবাৰ মহাৰাষ্ট্রৰ (Maharashtra) থানেতো আক্ৰমণ কৰিছে এই ভয়ংকৰ ভাইৰাছে । ফলত ২৫ হেজাৰ মুৰ্গী নিধন কৰাৰ সিদ্ধান্ত লৈছে স্থানীয় প্রশাসনে ।

সূত্ৰ অনুসৰি, থানেৰ শ্বাহপুৰ তহছিলৰ অন্তর্গত ভেহলি গাঁৱত হঠাৎ একেলগে এশটা মুৰ্গীৰ মৃত্যু হয় । ইয়াৰ পাছতেই তৎপৰ হয় প্রশাসন । সংবাদ সংস্থা এএনআই সূত্রে খবৰ, ইয়াৰ পাছতেই থানেৰ জিলা প্ৰশাসক ৰাজেশ জে নার্ভেকৰ জিলাৰ পশুপালন বিভাগক নির্দেশ দিয়ে সংক্রমণ নিয়ন্ত্রণ কৰিবৰ বাবে । পাছত মৃত মুৰ্গীৰ নমুনা পৰীক্ষা কৰি পুনেৰ লেবৰেটৰীয়ে জনায়, বার্ড ফ্লুত আক্রান্ত হৈ এই মুৰ্গীবোৰৰ মৃত্যু হৈছে । সেই ৰিপ’র্ট অহাৰ পাছতে কলিঙৰ নির্দেশ দিয়ে প্রশাসনে । সেই পলট্রি ফার্মৰ এক কিলোমিটাৰ ব্যাসাৰ্ধত থকা প্রায় ২৫ হেজাৰ মুৰ্গী নিধন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

ইয়াৰ পূৰ্বে বিহাৰতো বার্ড ফ্লুত সংক্রমিত হৈছিল এটা পলট্রি ফার্মৰ মুৰ্গী । তথ্য অনুসৰি, পাটনাৰ সেই পলট্রিত তিনি হেজাৰ ৮৫৯টা মুৰ্গীৰ ভিতৰত ৭৮৭টা মুৰ্গীৰ মৃত্যু হয় এইচ৫এন১ ভাইৰাছত আক্রান্ত হৈ । যোৱা ১৮ জানুৱাৰীৰ পৰা সেই পলট্রিৰ মুৰ্গীবোৰৰ এটা এটাকৈ মৃত্যু হৈছিল । ইয়াৰ পাছত নমুনা পৰীক্ষা কৰোতে ধৰা পৰে কি ভাইৰাছৰ পৰা এই সংক্রমণ হৈছে । সেয়ে সতর্কতামূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ বাকী মুৰ্গীবোৰক মাৰি পেলোৱা হৈছে । এইবাৰ থানেতো একেই পদক্ষেপৰ সিদ্ধান্ত ল’লে স্থানীয় প্রশাসনে ।

উল্লেখ্য, এইচ৫এন১ ভাইৰাছবিধ চৰাইৰ পৰা চৰাইৰ শৰীৰত সহজে বিয়পি পৰে । বার্ড ফ্লুৰ ভিতৰত এইটোৱে আটাইতকৈ পৰিচিত ইনফ্লুয়েঞ্জা ভাইৰাছ । সাধাৰণতে এই ভাইৰাছ মানুহৰ শৰীৰত নিবিয়পে । যদিও ২০১৪ত মানুহৰ পৰা মানুহৰ শৰীৰতো এই ভাইৰাছ বিয়পাৰ ঘটনা দেখা গৈছে ।

Exit mobile version