ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত কৰ্মশালা অনুষ্ঠিত

WhatsApp Image 2022 02 18 at 5.42.23 PM

আজি কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম মহাবিদ্যালয়ত বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয় । কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ চানমিয়া আহমেদৰ সভাপতিত্বত উক্ত কৰ্মশালাখন অনুষ্ঠিত হয় ।

কৰ্মশালাৰ আৰম্ভণি ভাষণ আগবঢ়ায় কৃষ্ণ চন্দ্র নাথে । উক্ত কৰ্মশালাত সমল বিষয়া হিচাপে উপস্থিত থাকে বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ ৰূপমজ্যোতি নাথ । উক্ত কৰ্মশালাত ফকিৰাগ্ৰাম, ৰঙামাটি আদি মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীৰ লগতে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসহ অইন অইন মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল উপস্থিত থাকে ।

Exit mobile version