কৰ’না ভাইৰাছৰ এক নতুন প্ৰজাতিয়ে বিশ্বজুৰি পুনৰ স্বাস্থ্য বিশেষজ্ঞৰ উদ্বেগ বৃদ্ধি কৰিছে । এই নতুন প্ৰজাতিৰ নাম হৈছে ডেল্টাক্ৰন । কেইমাহমান পূৰ্বে গৱেষকে ক’ভিডৰ এই ৰূপান্তৰিত নতুন প্ৰজাতিক চিনাক্ত কৰিছিল ।
সম্প্ৰতি ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা এজেন্সীয়ে ক’ভিডৰ এই নতুন প্ৰজাতিৰ বিষয়ত বিশেষ দৃষ্টি ৰাখিছে । ডেল্টাক্ৰন কিমান সংক্ৰামক আৰু ইয়াৰ সংক্ৰমণৰ লক্ষণৰ বিষয়ত ব্ৰিটিছ গৱেষকে বিশদ অধ্যয়ন চলাইছে ।
শেহতীয়াভাৱে ব্ৰিটেইনত ক’ভিডৰ এই নতুন প্ৰজাতিত আক্ৰান্ত কে’বাজনো ৰোগীক চিনাক্ত কৰা হৈছে । ডেল্টাক্ৰনৰ সংক্ৰমণ ধৰা পৰাৰ পাছত ব্ৰিটিছ স্বাস্থ্য গৱেষকে ক’ভিডৰ এই নতুন প্ৰজাতিৰ সন্দৰ্ভত অধ্যয়ন চলাইছে । ব্ৰিটিছ গৱেষকে প্ৰকাশ কৰা অনুসৰি অ’মিক্ৰনৰ দৰে আগন্তুক সময়ত ডেল্টাক্ৰনৰ সংক্ৰমনেও বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰাৰ শংকা নুই কৰিব নোৱাৰি ।