Hijab Row : সংখ্যালঘুৰ শিক্ষাকেন্দ্রত হিজাব-গেৰুৱা বস্ত্ৰ পৰিধান কৰিব নোৱাৰিব, নির্দেশ কর্নাটক আদালতৰ

download 14 1081046 1644753759

সংখ্যালঘু বিভাগ দ্বাৰা পৰিচালিত শিক্ষা প্রতিষ্ঠানতো এইবাৰ নিষিদ্ধ হ’ল হিজাব (No hijab) । কেৱল হিজাবেই নহয়, অৱস্থান অধিক কঠোৰ কৰিবৰ বাবে, কর্ণাটক চৰকাৰে (Karnataka govt) বৃহস্পতিবাৰে এটা বিজ্ঞপ্তি জাৰি কৰিছে । বিজ্ঞপ্তিত কোৱা হৈছে ৰাজ্য চৰকাৰৰ অধীনত পৰিচালিত সংখ্যালঘু প্রতিষ্ঠানবোৰত হিজাব বা গেৰুৱা বস্ত্ৰ পৰিধান কৰাৰ অনুমতি নাই ।

সংখ্যালঘু উন্নয়ন, হজ আৰু ৱাকফ (Wakf ) বিভাগৰ সচিব মেজৰ পি মনিভান্নানে কয় যে উচ্চ ন্যায়ালয়ৰ পূর্ণ বেঞ্চৰ অন্তৰ্ৱর্তী আদেশ অনুসৰি সংখ্যালঘু উন্নয়ন বিভাগৰ অধীনত পৰিচালিত আবাসিক বিদ্যালয় আৰু মৌলানা আজাদ মডেল স্কুল (ইংৰাজী মাধ্যম)ৰ ক্ষেত্রতো এই নিয়ম প্রযোজ্য । ইয়াৰ পূৰ্বে কর্নাটক উচ্চ ন্যায়ালয়ে অন্তৰ্ৱর্তীকালীন নির্দেশ জাৰি কৰি কৈছিল, সম্প্ৰতি শিক্ষা প্রতিষ্ঠানত শিক্ষাৰ্থীসকলে কোনো ধৰণৰ ধর্মীয় পোছাক পৰিধান কৰাৰ পৰা বিৰত থাকিব লাগিব ।

সংখ্যালঘু উন্নয়ন দপ্তৰ দ্বাৰা পৰিচালিত সমস্ত শিক্ষাপ্রতিষ্ঠানক নির্দেশ দিয়া হৈছে ক্লাছত হিজাব, স্কার্ফ, গেৰুৱা বস্ত্ৰ আৰু অন্যান্য ধর্মীয় পোছাক পিন্ধি যাব নোৱাৰিব । বিজ্ঞপ্তিত কোৱা হৈছে, “আমি ৰাজ্য চৰকাৰ আৰু তেওঁলোকৰ সমস্ত ষ্টেকহোল্ডাৰসকলক শিক্ষা প্রতিষ্ঠানসমূহ পুনৰ আৰম্ভ কৰাৰ আৰু শিক্ষার্থীসকলক ক্লাছত উভতি যোৱাৰ অনুমতি দিবৰ বাবে অনুৰোধ কৰিছো । যিসমূহ আবেদন কৰা হৈছে সেয়া বিবেচনাৰ অধীন । পৰৱর্তী আদেশ নহা পর্যন্ত আমি ধর্ম নির্বিশেষে সকলো শিক্ষাৰ্থীকে অনুৰোধ কৰিছো শ্ৰেণীকোঠাত গেৰুৱা বস্ত্ৰ, স্কার্ফ, হিজাব, ধর্মীয় পোছাক বা এই জাতীয় বস্ত্ৰ পৰিধান কৰাৰ পৰা বিৰত থাকক । “

উল্লেখ্য, বিগত বৰ্ষৰ ডিচেম্বৰত হিজাব পৰিহিত কিছু মুছলিম মহিলাক কর্নাটকৰ উদুপিৰ এখন চৰকাৰী মহাবিদ্যালয়ত প্রৱেশত বাধা দিয়া হৈছিল । পৰৱর্তী সময়ত একাধিক মহাবিদ্যালয়ত তেনে নিষেধাজ্ঞা জাৰি কৰা হয় । বিগত কিছুদিনত সেই পৰিস্থিতি অধিক জটিল হৈ উঠে ।

Exit mobile version