Storm Eunice : তীব্ৰ ধুমুহাৰ ফলত বিধ্বস্ত ব্ৰিটেইন,মৃত্যু কমেও ১০ জন

1645239568 untitled design 2

তীব্ৰ ধুমুহাৰ ফলত বিধ্বস্ত ব্ৰিটেইন। ধুমুহাৰ ফলত উৰি গৈছে এটাৰ পাছত আনটো ঘৰৰ ছাদ। প্ৰতি ঘণ্টাত ১৯৫ কিলোমিটাৰ বেগত,অহা ধুমুহাৰ ফলত ভাঙি পৰিছে গাড়ী আৰু গছ ।

ধুমুহাৰ ফলত বৰ্তমানলৈকে ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। বতৰ বিজ্ঞানীসকলে জনাইছে, সাম্প্ৰতিক সময়ত ইংলেণ্ডত এইটো এনেধৰণৰ প্ৰথম বিধ্বংসী ধুমুহা।

শুক্ৰবাৰে লিভাৰপুলত হোৱা ধুমুহাৰ তাণ্ডৱত গাড়ী ওলোটা হোৱাৰ ফলত এজন লোকৰ মৃত্যু হয় । আয়াৰলেণ্ডত গছ ভাগৰি পৰে এগৰাকী ৬০ বছৰীয়া মহিলাৰ । ঘটনাস্থলীতে তেওঁৰ মৃত্যু হয়।

লণ্ডনৰ অ-টু এৰিনা ষ্টেডিয়ামৰ ছাদ ধুমুহাৰ ফলত উৰি হৈছে । ধ্বংস হৈছে এটাৰ পাছত এটা ঘৰ । বিধ্বস্ত হৈছে পৰিবহন ব্যৱস্থাও ।

সামাজিক মাধ্যমত প্ৰচাৰিত কেবাটাও ভিডিঅ’ ক্লিপত লিভাৰপুল, কৰ্ণৱাল, আয়াৰলেণ্ড আদিৰ দুখজনক ছবি দেখুওৱা হৈছে। লণ্ডন আৰু দক্ষিণ ইংলেণ্ডৰ একাধিক স্থানত বিদ্যুৎ সেৱা নাই।

সেৱাসমূহ চলাই ৰাখিবলৈ আৰু উদ্ধাৰৰ কাম কৰি আছে প্ৰশাসনে। ধুমুহাৰ কাৰণে বাতিল কৰা হৈছে এখনৰ পাছত আনখন বিমান । লণ্ডনৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰত সৰ্বাধিক দুই লাখ লোক আৱদ্ধ হৈ আছে।

Exit mobile version