আঠ হেজাৰ টকা জমা কৰিলে পাব সাত লাখ টকা !

ডাকঘৰে আগবঢ়াই আছে এইখন আকর্ষণীয় আঁচনি

Post Office Monthly Income Scheme

আজিৰ তাৰিখত বিনিয়ােগ কৰাে বুলি খুজিলে সকলােৱে কৰিব পাৰে। ধনীৰ পৰা দুখীয়ালৈ সকলাে শ্ৰেণীৰ বিনিয়ােগকাৰীসকলৰ বাবে বজাৰত বহুতাে বিকল্প আছে।

পিছে আকর্ষণীয় এখন আঁচনি বাছনি কৰাৰ সময়ত বহু গ্রাহকে ভুল কৰে বা সঠিক বিনিয়ােগৰ মাধ্যম বুজি নাপায়। সেয়েহে এনেক্ষেত্ৰত কেতিয়াবা নিজে ভুল আঁচনি এটা বাচনি কৰাৰ বাবেই বিনিয়ােগৰ বিপদাশংকা আহি পৰে ।

বিপদাশংকাৰ কথা ভাবিয়েই বহু বিনিয়ােগকাৰীয়ে আজিকালি কম লাভৰ স’তে সুৰক্ষিত বিনিয়ােগ আঁচনি পছন্দ কৰে । মূলতঃ কম বিপদাশংকাৰ বাবেই আমাৰ দেশত এতিয়াও অন্য আঁচনিৰ তুলনাত ডাকঘৰৰ বিভিন্ন আঁচনিৰ জনপ্রিয়তা ডাকঘৰে ইতিমধ্যে সকলাে বয়সৰ গ্ৰাহকৰ বাবে বিভিন্ন আঁচনি লৈ আহিছে ।

আজি এনে এক জনপ্রিয় আঁচনিৰ বিষয়ে আলেচনা কৰিবলৈ লােৱা হৈছে, য’ত মাহে আঠ হেজাৰ টকাকৈ জমা কৰিলে মাত্র পাঁচ বছৰৰ ভিতৰতে পাব পাৰি সাত লাখৰাে অধিক টকা ।

এই আঁচনিখনৰ নাম হৈছে ‘ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক আঁচনি। বর্তমানে জ্যেষ্ঠ নাগৰিকৰ বাবে থকা বিভিন্ন আঁচনিৰ ভিতৰত ‘ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক আঁচনি’ আটাইতকৈ কম বিপজ্জনক আৰু লগতে ই ভাল ৰিটার্ণো প্রদান কৰে ।

তদুপৰি এই আঁচনিত চৰকাৰৰ গেৰান্টিও আছে। আঁচনিখনত কোনাে সর্বাধিক বিনিয়ােগৰ সীমা নাই। সেইকাৰণে বিনিয়ােগকাৰীসকলে নিজৰ ইচ্ছা অনুযায়ী ইয়াত যিমান প্রয়ােজন সিমান বিনিয়ােগ কৰিব পাৰে।

এই আঁচনিখনত বিনিয়ােগ পাঁচ বছৰৰ বাবে কৰিব পাৰি কিন্তু পাছত মন কৰিলে ইয়াক আৰু তিনিবছৰৰ বাবে বৃদ্ধি কৰিব পাৰি। লগতে ৰেকাৰিং ডিপজিট কৰিলে ৭.৪ শতাংশ হাৰত সুত পাব পাৰি।

এই আঁচনিখনত বিনিয়ােগকাৰীয়ে ৬০ বছৰ বয়স পর্যন্ত বিনিয়ােগ কৰিব পাৰে। আনহাতে, প্রতিক্ষা বিভাগত কাম কৰা চাকৰিয়ালে ৫০ বছৰ বয়সতাে বিনিয়ােগ কৰিব পাৰে এই আঁচনিত। যদি আপুনি ‘ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক ‘আঁচনিত প্রতি মাহে ৮,৩৩৪ টকাকৈ জমা কৰে, পাঁচ বছৰৰ পাছত ম্যাদপূর্তিৰ সময়ত সাত লাখৰাে বেছি টকা ঘূৰাই পাব।

ইয়াত সুতৰ হাৰ যিহেতুকে ৭.৪ শতাংশ, সেইকাৰণে বিনিয়ােগকাৰীসকলে ম্যাদপূর্তিৰ সময়ত সাত লাখতকৈ অধিক টকা লাভ কৰিব পাৰে ।

Exit mobile version