Punjab Election 2022 : পঞ্জাৱৰ ভোটাৰসকলক প্রভাৱিত কৰাৰ চেষ্টা ! আয়োগৰ নির্দেশত নিৰ্বাচনৰ দিনা ঘৰবন্দী ছনু ছুদ

1016146 sonu sood car

ভোটাৰসকলক প্রভাৱিত কৰিছে বলিউড অভিনেতাই ! সেয়ে তেওঁ পঞ্জাৱৰ মোগা বিধানসভাৰ বিভিন্ন নির্বাচনী কেন্দ্রত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে । দেওবাৰে এনে অভিযোগ উঠিল ছনু ছুদৰ (Sonu Sood) বিৰুদ্ধে । অভিযোগ পোৱা মাত্রকে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে নির্বাচন আয়োগে । মাজপথত অভিনেতাৰ গাড়ীক বাধা দিয়া হয় । নিৰ্বাচন শেষ নোহোৱা পর্যন্ত ঘৰৰ বাহিৰত তেওঁ ভৰি ল’ব নোৱাৰে । নির্দেশ আয়োগৰ । যদিও ভোটাৰসকলক প্রভাৱিত কৰাৰ অভিযোগ নাকচ কৰিছে ছনুৱে ।

পঞ্জাৱত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিধানসভাৰ ১১৭টা আসনত ভোটগ্রহণ (Punjab Election 2022) চলিছে । এইবাৰ তাৰ মোগা কেন্দ্রৰ পৰা কংগ্রেছৰ হৈ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছে ছনু ছুদৰ ভগ্নী মালবিকা ছুদে । অভিযোগ উত্থাপিত হয়, আজি পুৱা মোগাৰ বিভিন্ন বুথত গৈছিল ছনু । বুথত প্ৰৱেশ কৰাৰ চেষ্টা কৰোতেই তেওঁক বাধা দিয়া হয় । পাছত অভিনেতাজনক পুনৰ ঘৰলৈ উভতাই পঠিওৱা হয় । এই প্রসংগত মোগা জিলাৰ নিৰ্বাচনৰ দায়িত্বপ্রাপ্ত বিষয়া প্রভাদীপ সিঙে জনাইছে, ছনু ছুদে ঘৰৰ বাহিৰত ভৰি থ’লে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

যদিও ভোটাৰসকলক প্রভাৱিত কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে অভিনেতাজনে । ছনুৰ অভিযোগ, ফোন কৰি ভোটাৰসকলক ভিতি প্ৰদৰ্শন কৰিছে বিৰোধীসকলে । বিশেষকৈ অকালি দলৰ বিৰুদ্ধে এই অভিযোগ উঠিছে । ছনুৱে কয়, “ভোটাৰসকলে জনাইছিল, তেওঁলোকক ভয় দেখুওৱা হৈছে । বহু বুথত ভোট প্রভাৱিত কৰিবলৈ টকা বিলি কৰা হৈছিল । অবাধ নির্বাচনৰ স্বার্থত অভিযোগ পৰ্যবেক্ষণ কৰিবলৈ ম‌ই বুথত গৈছিলো । সেয়ে আমি বাহিৰত ওলাইছিলো । বৰ্তমান আমি ঘৰতেই আছে ।”

কংগ্রেছে একক শক্তিত যি তিনি ৰাজ্যত ক্ষমতাত আছে, সেইসমূহৰ ভিতৰত এখন হ’ল পঞ্জাৱ । কিন্তু গড় বচাবলৈ এইবাৰ কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে নভজ্যোত সিং সিধু, চৰনজিৎ সিং চান্নিৰে । দিল্লী মডেলৰ ভিত্তিতে কেজৰিৱাল (Arvind Kejriwal) দলৰ প্রচাৰ । লগতে প্রতিদ্বন্দ্বিতাত আছে অকালি দলো ।

Exit mobile version