চিথিলা, জগদৈ,সাপটগ্ৰাম সংযোগী পথ নিৰ্মানত দুৰ্নীতি, ঠায়ে ঠায়ে উঠি গৈছে শিল

ffa70cb1 1ba2 4d42 ab24 090a415e10fb

কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ চিথিলা,জগদৈ আৰু সাপটগ্ৰাম সংযোগী গড়কাপ্তানি পকী পথ নিৰ্মাণক লৈ তীব্র অসন্তুষ্টিৰ সৃষ্টি হৈছে। নতুনকৈ নিৰ্মাণ কৰা প্ৰায় ডেৰ কোটি টকীয়া পথ এটা নিৰ্মাণ কৰাৰ এসপ্তাহ নহৌতেই জহি খহি যোৱাত স্থানীয় ৰাইজৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

তথ্য অনুসৰি পথটো সুদীৰ্ঘ দিন ধৰি ব্যবহাৰৰ অনুপযোগী হৈ থকাৰ অন্তত কিছুদিন পূৰ্বে পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰা পৰিমল দাস নামৰ ঠিকাদাৰ এগৰাকীয়ে পথছোৱা নিৰ্মাণ কৰে।

কিন্তু দূৰ্ভাগ্যজনক কথা এয়ে যে এক কোটি ৪১ লাখ ৪৯ হেজাৰ ব্যয়সাপেক্ষে নিৰ্মাণ কৰা পথছোৱাৰ নিৰ্মাণৰ এসপ্তাহ নহৌতেই পথৰ ওপৰত দিয়া সৰু সৰু শিলগুটিবোৰ খোজকাঢ়িলেই উঠি যায়।

আজি সংবাদমাধ্যমৰ যোগেদি পথছোৱাৰ অৱস্থাৰ কথা বৰ্ণনা কৰি সংশ্লিষ্ট বিভাগক শীঘ্ৰে পথ নিৰ্মাণত জড়িত ঠিকাদাৰ পৰিমল দাসৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰে। ৰাইজে শীঘ্ৰে পথছোৱা পুনৰ নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনায়।

Exit mobile version