বকোত ২৮টা চোৰাং গৰুসহ পাঁচজনক আটক

WhatsApp Image 2022 02 21 at 7.29.37 PM

কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিত চোৰাং গৰু সৰবৰাহ ক্ৰমান্বয়ে বৃদ্ধি পাইছে । সঘনাই চোৰাং গৰু মেঘালয়লৈ সৰবৰাহ হৈ আছে । বিভিন্ন পদ্ধতিৰে একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে মেঘালয়লৈ চোৰাং গৰু সৰবৰাহ কৰি আহিছে । ইয়াৰ মাজতে আজি বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগুৰ নেতৃত্বত বকোত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ।

গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে বকোৰ জাৰিহাটত দুখন টাটা মেজিক, দুখন মহিন্দ্ৰা ডি আই বাহনত মুঠ ২৮টা গৰু জব্দ কৰিবলৈ সক্ষম হয় । একেদৰে পাঁচজনকৈ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । মেঘালয়লৈ নি থকা অৱস্থাত বকোৰ জাৰিহাটত গাড়ীসহ গৰুকেইটা উদ্ধাৰ কৰে বকো আৰক্ষীয়ে ।

জব্দ কৰা টাটা মেজিক দুখনৰ নম্বৰ হৈছে AS 01 DD 9644, AS 18C 8032 আৰু ডি.আই দুখন হৈছে AS01 J C1326, AS 25 CC 8427 নম্বৰৰ । আটকাধীন লোককেইজন হৈছে বকো গামেৰীমূৰাৰ অজিত ৰাভাৰ পুত্ৰ চালক ৰাজু ৰাভা(২৪), গোৱালপাৰা জিলাৰ ধূপধৰাৰ বাৰশিমলিৰ আফজল হক(২৫), ধুপধৰা দৈনিক বজাৰৰ জাহানুদ্দিন আহমেদ (৪৮)বকো নগৰবেৰাৰ আশ্বাদুল হক(৩৩), মঃ হামিদুল ইছলাম(৩৩) । আটককাৰীক বকো আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version