১৬ বছৰতেই বিশ্বচেম্পিয়ন কার্লছনক পৰাজিত কৰিলে তামিলনাডুৰ প্রজ্ঞানন্ধাই

Praggnanandhaa 1645433722229 1645433765255

বর্তমানৰ বিশ্বচেম্পিয়ন ডবা খেলুৱৈ মেগনাছ কার্লছনক পৰাজিত কৰা সহজ নহয় । অৱশ্যে প্রাক্তন বিশ্বচেম্পিয়ন বিশ্বনাথন আনন্দ আৰু গ্ৰেণ্ডমাষ্টাৰ পেন্টালা হৰিকৃষ্ণৰ পাছত, মাত্র ১৬ বছৰ বয়সতেই এই কঠিন কামটো কৰি দেখুৱালে ৰমেশবাবু প্রজ্ঞানন্ধাই ।

চলিত এয়াৰথিংছ মাষ্টাৰ্ছত অষ্টম ৰাউণ্ডত পাঁচবাৰৰ বিশ্বচেম্পিয়ন কার্লছনক পৰাজিত কৰি সমগ্ৰ বিশ্বক বিস্মিত কৰিলে তামিলনাডু টিনএজাৰ প্রজ্ঞানন্ধাই । চেম্পিয়ন্স ডবা ট্যুৰৰ অন্তর্গত এয়াৰখিংছ মাষ্টাৰ্ছ টুর্নামেন্টত ১৫ মিনিট + ১০ ছেকেণ্ডৰ ৰেপিড ফর্মেটত অনলাইনত খেল হৈছে । সেই খেলতেই ৩৯টা মুভত কার্লছনক পৰাজিত কৰে প্রজ্ঞানন্ধাই ।

Exit mobile version