Arpita Khan : বিলাসবহুল ফ্লেট ক্ৰয় কৰিলে ছলমান খানৰ ভগ্নীয়ে, দাম শুনিলে হতবাক হ’ব আপুনি

arpita2 5e058ff43ec12

নতুন ঘৰ ক্ৰয় কৰিলে ছলমান খানৰ ভগ্নী অৰ্পিতা খানে । মুম্বাইৰ খাৰ অঞ্চলৰ এটা বিলাসী আৱাসৰ ১২ মহলাৰ ফ্লেটটো নতুন ঠিকনা হ’বলৈ গৈ আছে ছলমান। ১০ কোটি টকা ব্যয় কৰি এই বাসগৃহ ক্ৰয় কৰিছে অৰ্পিতাই।

চাৰি ফেব্ৰুৱাৰীত ঘৰটো পঞ্জীয়ন কৰিছিল অৰ্পিতাই । তেওঁৰ নতুন ঘৰটোৱে মুঠ ১৭৫০ বৰ্গফুট এলেকা আৱৰি আছে। তাত চাৰিখন গাড়ী পার্ক কৰাৰ ব্যৱস্থা আছে।

ইয়াৰ উপৰিও ইয়াত আছে আন বহুতো সুবিধা । তথ্য অনুসৰি মুম্বাইৰ এই ঘৰটোৰ এটা ফ্লেটৰ মাহিলী ভাড়া কেইলাখ টকা হ’ব পাৰে।

প্ৰসংগত, বিগত ডিচেম্বৰত নিজৰ এটা ফ্লেট ভাড়ালৈ দিছিল ছলমানে । মুম্বাইৰ বান্দ্ৰা অঞ্চলৰ এটা বহুমহলীয়া এই ফ্লেটটোৰ বাবে মাহে ৯৫হেজাৰ টকা ভাড়ালৈ লৈ আছে ‘ভাইজান’য়ে। শিৱ আস্থানা হাইটছ নামৰ ভৱনটোৰ ১৪ তম মহলাত ছলমানৰ ফ্লেটটোৱে ৭৫৮ বৰ্গফুট এলেকা আৱৰি আছে।

Exit mobile version