গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ আঠ যুৱক-যুৱতী

fraud f62efb50 e873 11ea b0d0 732c2aa3f4c8

গুজৰাটৰ পৰা উদ্ধাৰ অসমৰ আঠগৰাকী যুৱক-যুৱতী ৷

কাম দিয়াৰ প্ৰলোভনেৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ যোৱা হৈছিল গুজৰাটলৈ।

এই সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষীক জনাইছিল ৷

আৰক্ষীয়ে অনুসন্ধান কৰি ৰঙিয়া ২৪ এছএছবি বেটেলিয়নৰ সহযোগত গুজৰাটৰ পৰা উদ্ধাৰ যুৱক-যুৱতীকেইগৰাকীক ৷

আজি কামাখ্যা গান্ধীধাম এস্কপ্ৰেছৰ জৰিয়তে লৈ অনা হয় কামাখ্যা ষ্টেচনলৈ ৷

ৰেল আৰক্ষী আৰু ৰঙিয়া ২৪ এছএছবি বেটেলিয়নৰ সহযোগত উদ্ধাৰ কৰা যুৱক যুৱতী কেইগৰাকীক বৰ্তমান লৈ যোৱা হয় নিজৰ গৃহস্থানলৈ ৷

যুৱক যুৱতীৰ দলটোত আছিল ছয়গৰাকী যুৱতী, এটা শিশু আৰু এগৰাকী যুৱক ৷

মঞ্জনা নামৰ এগৰাকী মহিলাই চাকৰিৰ প্ৰলোভন দি লৈ যায় যুৱক যুৱতী কেইগৰাকীক ৷

ছোনীয়া ফিচ পেকেজিং কোম্পানীত কাম দি এবছৰৰ দৰমহা আঠজনৰ পৰা পাঁচ লাখ টকা লৈছিল ৷

Exit mobile version