Regular International Flights : স্বাভাৱিক হ’ব আন্তর্জাতিক বিমান সেৱা ! প্রয়োজন নাই কোৱাৰেন্টাইনৰ

40 aeroplane hacks shutterstock 607216073 770 1

১৫ মার্চৰ পৰা নিয়মিত আন্তর্জাতিক বিমান সেৱা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আৰু বিদেশী আগমন আৰু প্রস্থানৰ বাবে ভাৰতীয় বিমানবন্দৰবোৰ তেওঁলোকৰ কার্যকৰ ষ্টেণ্ডার্ড অপাৰেটিং পদ্ধতি অনুসৰণ কৰিব । সোমবাৰে এই বিষয়ে চৰকাৰী সূত্রে খবৰ ।

বিগত কিছুদিনত ক’ভিড সংক্রমণৰ ক্ষেত্রত ধাৰাবাহিক পতন দেখা গৈছে । ইয়াৰ পৰিপ্রেক্ষিততে, স্বাস্থ্য মন্ত্রণালয়ৰ স’তে পৰামর্শৰ পাছত অসামৰিক বিমান চলাচল মন্ত্রণালয়ে আন্তর্জাতিক বিমান চলোৱাৰ এই সিদ্ধান্ত জনাইছে ।

অৱশ্যে এই পর্যন্ত অসামৰিক বিমান চলাচল মহাপৰিচালকৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ।

চৰকাৰী সূত্র অনুসৰি, “নিয়মিত আন্তর্জাতিক ফ্লাইটবোৰ ১৫ মার্চৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে । ১৪ ফেব্রুৱাৰীৰ পৰা কার্যকৰ হোৱা আন্তর্জাতিক আগমনৰ নির্দেশনাবোৰ এই বিমানৰ যাত্রীসকলৰ বাবে বিমানবন্দৰসমূহত অনুসৰণ কৰা হ’ব ।”

ভাৰততত নির্ধাৰিত আন্তর্জাতিক যাত্রীবাহী ফ্লাইটৰ ওপৰত নিষেধাজ্ঞা ২৮ ফেব্রুৱাৰী পর্যন্ত কার্যকৰ হ’ব । কৰ’না অতিমাৰীৰ বাবে ২৩ মার্চ, ২০২০ৰ পৰা ভাৰতত এই ফ্লাইটবোৰ স্থগিত কৰা হৈছে ।

এয়াৰ বাবল ব্যৱস্থাৰ অধীনত জুলাই ২০২০ৰ পৰা ভাৰত আৰু প্রায় ৪০খন দেশত বিশেষ যাত্রীবাহী বিমান চলিছে ।

Exit mobile version