Russia-Ukraine Conflict : শান্তি বিচাৰো, কিন্তু ভূখণ্ড ৰাছিয়াৰ হাতত তুলি নহয় ! সকীয়নি ইউক্রেইন ৰাষ্ট্ৰপতিৰ

ইউক্রেইনে শান্তি বজায় ৰাখিব বিচাৰে । কূটনৈতিক আলোচনা আৰু পন্থাৰ মাজেৰেই সেই কাম চলাই যাব বিচাৰো । কিন্তু ৰাছিয়াৰ হাতত কোনো কাৰণতেই নিজৰ ভূখণ্ড তুলি দিয়া নহ’ব । মঙলবাৰে এই বার্তা আৰু সকীয়নি দিছে ইউক্রেইন ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনস্কিয়ে ।

পশ্চিমীয়া শক্তিৰ সতর্কবাণী উপেক্ষা কৰি সোমবাৰে পূৱ ইউক্রেইনৰ ৰুছ-সমর্থিত দুই অঞ্চল দোনেতস্ক আৰু লুহানস্কক স্বাধীন ঘোষণা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে । যাৰ ফলত দুই দেশৰ মাজত যুদ্ধৰ পৰিস্থিতি আৰু বাঢ়িছে । ৰাছিয়াৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে কয়, “আমি কাকো ভয় নকৰো । একোতেই ভয় নাখাওঁ । কাৰো বশৱৰ্তী নহ‌ওঁ । কাৰো হাতত একো তুলি নিদো ।”

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স’তে বিষয়টোৰ সন্দৰ্ভত বৈঠকত মিলিত হয় জেলেনস্কি । তেওঁৰ অভিযোগ, মিনস্ক চুক্তি লংঘন কৰি ইউক্রেইনৰ সার্বভৌমত্বত হস্তক্ষেপ কৰি অস্থিৰ পৰিৱেশ তৈয়াৰ কৰিছে ৰাছিয়াই । ইয়াৰ পাছতেই তেওঁৰ মন্তব্য, “আমি শান্তি বজায় ৰাখিবলৈ আৰু কূটনৈতিক পন্থা মানি চলিবলৈ প্রতিশ্রুতিবদ্ধ । আমি সেইটোৱে কৰিম ।” ৰাছিয়াৰ চোখৰাঙানিত ইউক্রেইনে যিকোনো কাৰণতেই হাৰ নামানে সেই বার্তাও দিছে জেলেনস্কিয়ে ।

ইতিমধ্যে তেওঁ জার্মানী, ফ্রান্স আৰু ইউক্রেইনৰ মিত্র দেশবোৰৰ শীর্ষ নেতৃত্বক জৰুৰী বৈঠকৰ আহ্বান জনাইছে । মিত্র দেশবোৰক ৰাছিয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ আবেদন জনাইছে ।

জেলেনস্কিয়ে কয়, “এই সংকটজনক পৰিস্থিতিত আমি মিত্র দেশবোৰৰ সহযোগিতা প্রার্থনা কৰিছো । এতিয়া আমি এইটোৱে চাব লাগিব যে কোন আমাৰ প্ৰকৃত বন্ধু । কোন ৰাছিয়াৰ এই পদক্ষেপৰ বিৰোধী ।”

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও বিষয়টো খুব ভাল চকুৰে চোৱা নাই । বিষয়টোক লৈ নিৰাপত্তা পৰিষদে জৰুৰী বৈঠকো আহ্বান কৰিছে । ৰাছিয়াক এই সিদ্ধান্তৰ পৰা পিছুৱাই আহিবলৈ চাপ দিবৰ বাবে নিৰাপত্তা পৰিষদত আবেদন জনাইছে ব্রিটেইনে । ইউৰোপীয় ইউনিয়নেও ৰাছিয়াৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে, ‘ৰাছিয়াৰ এই অনমনীয় পদক্ষেপ আন্তর্জাতিক নিয়ম, ইউক্রেইনৰ অখণ্ডতা আৰু মিনস্ক চুক্তিক লংঘন কৰিছে ।’ ৰাষ্ট্ৰসংঘৰ প্রধান এন্তনিঅ’ গুটেৰেছে কয়, “ম‌ই ভাবো যে ৰাছিয়াৰ এই সিদ্ধান্ত‌ই ইউক্রেইনৰ অখণ্ডতা, সার্বভৌমত্বৰ লগতে ৰাষ্ট্ৰসংঘৰ নীতিও উলংঘা কৰিছে ।”

Exit mobile version