অভিনৱ প্রতিবাদ ! যোগী আদিত্যনাথৰ সভা অনুষ্ঠিত হ’বলগীয়া পথাৰত শতাধিক গৰু এৰিলে কৃষকসকলে

Yogi cow

বুধবাৰে চতুর্থ পৰ্যায়ৰ বিধানসভাৰ নির্বাচন উত্তৰ প্রদেশত (UP election 2022) । তাৰ ঠিক আগদিনাখনৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ জনসভা অনুষ্ঠিত হ’বলগীয়া পথাৰত শতাধিক গৰু (Cow) এৰি দিলে কৃষকসকলে । উত্তৰ প্রদেশৰ বাৰাবাকিত এই ঘটনা সংঘটিত হৈছে । অঞ্চলটোত গৰুৰ দৌৰাত্ম্য কি হাৰত বাঢ়িছে সেয়া বুজাবলৈয়ে এই প্রতীকী প্রতিবাদ বুলি কৃষকসকলে জনাইছে ।

কৃষক নেতা ৰমণদীপ সিং মানে এটা ভিডিঅ’ শ্বেয়াৰ কৰে টুইটাৰত । নেতাজনে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ”বাৰাবাকিত যোগী আদিত্যনাথৰ জনসভাত শ শ গৰু এৰি দিলে কৃষকসকলে । প্ৰকৃততে এই ‘সন্তান নোহোৱা’ পশুৰ পৰা মুক্তি নাপায়েই কৃষকসকলে এই পথ বাছি লৈছে । বিগত পাঁচ বছৰে উত্তৰ প্রদেশ চৰকাৰে কোনো সমাধান উলিয়াব নোৱাৰিলে এই সমস্যাৰ । এতিয়া লক্ষ্যণীয় হ’ব যে অনুষ্ঠানৰ আগতে বিজেপিয়ে ইয়াৰ কি সমাধান উলিয়াই ।”

এই পর্যন্ত যোগী অথবা বাৰাবাকি প্রশাসনৰ তৰফৰ পৰা কোনো প্রতিক্রিয়া জনোৱা নাই । কিন্তু কালি সন্ধিয়াই ৰাজ্যৰ মুখ্যমন্ত্রীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰে । সেইটো বিগত সপ্তাহৰ মোদীৰ এটা জনসভাৰ অংশ । ভিডিঅ’টোত প্রধানমন্ত্রীগৰাকীয়ে কয় যে, ১০ মার্চৰ পাছত সন্তান নোহোৱা পশু সংক্রান্ত সমস্যাৰ সমাধান উলিওৱাা হ’ব । তদুপৰি, যি গৰুয়ে গাখীৰ নিদিয়ে, সিহঁতৰ গোবৰ বিক্রী কৰি অর্থ উপার্জনৰ ব্যৱস্থাৰ প্রতিশ্রুতিও দিছে প্ৰধানমন্ত্ৰী মোদীয়ে ।

এনেদৰে স্পষ্টভাৱে একো নক’লেও ভিডিঅ’ শ্বেয়াৰ কৰি সমস্যাটো যেন মান্যতা দিলে যোগী আদিত্যনাথে । ইপিনে, কংগ্রেছে এই বিষয়টো কেন্দ্র কৰি আক্রমণ শানিয়েছে। এতিয়া লক্ষ্যণীয় হ’ব যে, ইয়াৰ পাছত যোগী অথবা উত্তৰ প্রদেশৰ কোনো বিজেপি নেতাই এই সন্দৰ্ভত স্পষ্টভাৱে মুখ খোলে নে নাই ।

Exit mobile version