শালবাৰীত ইউপিপিএল দলৰ শালবাৰী জিলা সমিতি গঠন

WhatsApp Image 2022 02 23 at 8.11.48 PM

বাগসা জিলাৰ শালবাৰীত আজি ইউপিপিএল দলৰ শালবাৰী জিলা সমিতিখন গঠন কৰা হয় । বিধায়ক লৰেন্স ইছলাৰী আৰু বিটিচিৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীৰ উপস্থিতিত উক্ত সমিতিখন গঠন কৰা হয় । শালবাৰী জিলা ইউপিপিএলৰ প্ৰাক্তন সভাপতি বিকন গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ইউপিপিএলৰ শালবাৰী জিলা সমিতিৰ নতুন সভাপতি হিচাপে বিকন গয়াৰী, সম্পাদক হিচাপে সুৰেশ সৰকাৰ আৰু সাংগঠনিক সম্পাদক হিচাপে থানেশ্বৰ বসুমতাৰীক দায়িত্বভাৰ দি এখনি তিনিজনীয়া সমিতি গঠন কৰা হয় ।

সভাৰ অন্তত বিধায়ক লৰেন্স ইছলাৰীয়ে সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত কয়, “আজি ইউপিপিএল দলৰ কেন্দ্রীয় সমিতিৰ তত্বাৱধানত সভাপতি সম্পাদক আৰু সাংগঠনিক সম্পাদকক লৈ তিনিজনীয়া শালবাৰী জিলা সমিতিখন পুনৰ গঠন কৰা হয় আৰু পুনৰ এটা দিন ধাৰ্য্য কৰি পুৰ্ণাংগ সমিতিখন গঠন হ’ব ।”

লগতে হাগ্ৰামাই সততে ইউপিপিএল দলক সমালোচনা কৰে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয় যে, হাগ্ৰামাই বিৰোধী দলৰ সভাপতি হিচাপে সমালোচনা কৰি থাকিলেও কোন দলে কি কাম কৰিছে ৰাইজেহে ইয়াৰ বিচাৰ কৰিব । আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত ইউপিপিএল দলে এখন আসন লাভ কৰিব বুলিও কয় ।

এইফালে বিটিচিৰ কাৰ্যবাহী সদস্য উকিল মুছাহাৰীয়ে কয়, ইউপিপিএল দলৰ শালবাৰী জিলা নতুন সমিতিখন আহি থকা দিনবোৰত শক্তিশালী হ’ব আৰু ৰাইজৰ বাবে কাম কৰিব । লগতে তেওঁলোকৰ এবছৰীয়া শাসনকালত ৰাইজৰ হৈ কাম কৰিছে বুলিও মন্তব্য প্ৰদান কৰে । আজিৰ সভাত ইউপিপিএল দলৰ কে’বাগৰাকীও নেতা কৰ্মীয়ে অংশগ্রহণ কৰা পৰিলক্ষিত হয় ।

Exit mobile version