স্বাভাৱিক হ’ব আন্তর্জাতিক বিমান সেৱা

once airports get back to business however foreign air travel theme parks to orient future outbound tourists can also be considered

অহা ১৫ মার্চৰ পৰা ভাৰতত আন্তর্জাতিক বিমান সেৱা পুনৰ নিয়মিতভাৱে আৰম্ভ হােৱাৰ সম্ভাৱনা। আছে। বিদেশীৰ আগমন আৰু প্ৰস্থানৰ বাবে ভাৰতীয় বিমানকোঠসমূহত ষ্টেণ্ডার্ড অপাৰেটিং পদ্ধতি কার্যকৰী কৰা হ’ব।

বিগত কিছু দিন ধৰি দেশত ক’ভিডৰ সংক্রমণ ধাৰাবাহিকভাৱে হ্রাস পাইছে আৰু ক’ভিড পৰিস্থিতি উন্নত হােৱাৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য মন্ত্রণালয়ৰ স’তে আলােচনা কৰি দেশৰ অসামৰিক বিমান পৰিবহণ বিভাগে আন্তর্জাতিক বিমান সেৱা পুনৰ নিয়মিতভাৱে আৰম্ভ কৰাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰিছে।

অৱশ্যে এতিয়াও বিভাগীয়ভাৱে এই বিষয়ত কোনাে ঘােষণা কৰা হােৱা নাই। চৰকাৰী সূত্রই শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অহা ১৫ মার্চ পৰা ভাৰতত আন্তর্জাতিক বিমান সেৱা পুনৰ প্ৰৱর্তিত হ’ব পাৰে।

Exit mobile version