হিজাব বিতৰ্কৰ মাজতে ‘আক্ৰমণ’

1629300105 hijab

বিদ্যালয়, মহাবিদ্যালয়ত হিজাব নিষেধাজ্ঞাৰ বিৰোধিতা কৰি আদালতলৈ গৈছিল । কৰ্ণাটকৰ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হাজৰা শিফা নামৰ এগৰাকী ছাত্ৰীয়ে এইবাৰ তেওঁৰ পৰিয়ালক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ।

মঙলবাৰে নিশা, ছাত্ৰীগৰাকীয়ে জনায় যে হিজাব পিন্ধাৰ বিষয়ত মাত মতাৰ বাবেই তেওঁৰ ভাতৃক দুৰ্বৃত্তৰ এটা দলে গুৰুতৰভাৱে প্ৰহাৰ কৰে । তেওঁক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয় । ইয়াৰ উপৰি, তেওঁলোকৰ সম্পত্তিও ধ্বংস কৰা হয় ।

ছাত্ৰজনে সংঘ পৰিয়ালৰ স’তে জড়িত দুৰ্বৃত্তৰ ফালে আঙুলি তুলি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে । প্ৰশ্ন উত্থাপন হৈছে, ইয়াৰ পাছত আক্ৰমণৰ বলি কোন হ’ব ? চৈফ নামৰ যুৱকজনক মঙলবাৰে নিশা প্ৰায় ন বজাত উদুপী জিলাৰ মালপৰ বিছমিল্লা হোটেলত প্ৰহাৰ কৰা হয় ।

আৰক্ষীয়ে গোচৰটোত তিনিজন লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে । মালপে আৰক্ষী থানাৰ এজন বিষয়াই এটা ব্যক্তিগত সংবাদ মাধ্যমক কয় যে প্ৰায় ২০-৩০ জন আক্ৰমণকাৰী আছিল । তেওঁলোকৰ অধিকাংশই চেইফৰ স’তে পৰিচিত ।

ইফালে, দেওবাৰে নিশা শিমোগাত বজৰং দলৰ কৰ্মী হৰ্ষৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে, ১২ জনক আটক কৰিছে ।

আৰক্ষীয়ে জনায় যে গ্ৰেপ্তাৰ কৰা সকলোৰে অপৰাধমূলক ৰেকৰ্ড আছিল । বজৰং দলৰ এজন কৰ্মীৰ হত্যাৰ পাছত শিমোগাত উত্তেজনা বিৰাজ জৰে । দুদিনৰ বাবে সান্ধ্য আইন বৃদ্ধি কৰা হৈছে ।

বিজেপি সাংসদ ৰেণুকাচাৰ্যই বজৰং দলৰ এজন কৰ্মীৰ হত্যাৰ বাবে কংগ্ৰেছক দোষাৰোপ কৰিছিল । তেওঁ দাবী কৰিছিল যে ৰাজ্যখনে গোচৰটো এনআইএক হস্তান্তৰ কৰিব । ৰাজ্য চৰকাৰে হত্যাৰ স’তে হিজাব বিতৰ্কৰ সংযোগ খাৰিজ কৰিছে । অৱশ্যে, এজন ৰাজ্যিক মন্ত্ৰীয়ে কয় যে হিজাব বিতৰ্ককে ধৰি সকলো দিশ চোৱা হৈছে ।

আজি হিজাব বিতৰ্কৰ শুনানিত ৰাজ্য চৰকাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ক কয় যে যদিও ভাৰতত হিজাব পিন্ধাৰ ওপৰত কোনো বাধা নাই, তথাপিও কিছুমান প্ৰতিষ্ঠানত নিষেধাজ্ঞা আছে ।

কৰ্ণাটকৰ এডভ’কেট জেনেৰেলে কয় যে তেওঁলোকে বিচাৰিলে হিজাব পিন্ধিব পাৰে, কিন্তু তেওঁলোকে প্ৰতিষ্ঠানগত নিয়মবোৰ মনত ৰাখিব লাগিব । উচ্চ ন্যায়ালয়ে আজি জনায় যে হিজাব বিতৰ্কৰ শুনানি চলিত সপ্তাহত সমাপ্ত হ’ব ।

Exit mobile version