বুধবাৰে দেশত পুনৰ বৃদ্ধি পালে কৰ’নাৰ দৈনিক সংক্ৰমণ । স্বাস্থ্য মন্ত্ৰালয়ৰ ক’ভিড বুলেটিন অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১৫ হেজাৰ ১০২ জন নতুন কৰ’না আক্ৰান্ত হৈছে ।
মঙলবাৰৰ তুলনাত প্ৰায় দুই হেজাৰ বৃদ্ধি পালে দৈনিক আক্রান্তৰ সংখ্যা । মঙলবাৰে ভাৰতত মুঠ কৰোনা ৰোগীৰ সংখ্যা আছিল ১৩,৪০৫ । দেশত দৈনিক সংক্ৰমণৰ হাৰ মঙলবাৰে ১.৯৩ শতাংশৰ পৰা ১.২৮ শতাংশলৈ হ্ৰাস পাইছে।
বৰ্তমান দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে এক লাখ ৬৪ হেজাৰ ৫২২জন। মঙলবাৰে, ৪৯ দিনৰ পাছত, সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা দুই লাখৰ তললৈ হ্ৰাস পায়। দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত কেৰালা তালিকাৰ শীৰ্ষত আছে। তাৰ পাছত মহাৰাষ্ট্ৰ আছে।
বিগত ২৪ ঘণ্টাত, কৰ’না সংক্ৰমণৰ ফলত ২৩৫ জন লোকৰ মৃত্যু হৈছে। একে সময়তে, দেশত ক’ভিডৰ ফলত হোৱা মুঠ মৃত্যুৰ সংখ্যা হৈছে পাঁচ লাখ ১২ হেজাৰ ৩৪৪। সুস্থ হোৱাৰ হাৰ ৯৮.৪০ শতাংশ।