Maruti Baleno facelift : প্ৰাৰম্ভিক মূল্য ৬.৩৫ লাখ টকা, উপলব্ধ হ’ল মাৰুতি বলেন’ ফেচলিফ্ট

5743c34ba4b46db69a3984678fd47628 original

New 2022 Maruti Baleno facelift launched : প্রতীক্ষাৰ দিন শেষ । ভাৰতত উন্মোচিত হ’ল মাৰুতিৰ বহু প্রতীক্ষিত গাড়ী Baleno facelift । জানক ক’ত পৰিৱৰ্তন কৰা হৈছে গাড়ীৰ ডিজাইন । নতুনকৈ কি ফিচাৰ দিয়া হৈছে প্রিমিয়াম হেচবেকত ।

Maruti Baleno facelift : গাড়ীৰ মূল্য Baleno-ৰ মূল্য আৰম্ভ হৈছে ৬.৩৫ লাখ টকাৰ পৰা । এএমটি সংস্কৰণটোৰ মূল্য ৭.৬৯ লাখ টকা । এইটো প্রিমিয়াম হেচবেকৰ বাবে আটাইতকৈ বৃহৎ আপডেট । যি মাৰুতি গাড়ীৰ প্রিমিয়াম চেনেল Nexa শ্ব’ৰুমৰ পৰা পোৱা যাব । ইতিমধ্যে ডিলাৰত উপলব্ধ হৈছে মাৰুতি বলেন’ৰ এই ফেচলিফ্টেড মডেল ।

New 2022 Maruti Baleno : সন্মুখত কি পৰিৱৰ্তন কৰা হৈছে গাড়ীত ?

নতুন বলেন’ৰ সন্মুখত গ্রিল পৰিৱৰ্তন কৰা হৈছে । বৃহৎ হেডলেম্পে গাড়ীত সামান্য পৰিৱর্তন আনিছে । সন্মুখৰ নতুন গ্রিলৰ তলত দিয়া হৈছে ছিলভাৰ ফিনিছ । বনেটসহ সন্মুখৰ বাম্পাৰতো পৰিৱর্তন‌ আনা হৈছে । সন্মুখৰ হেডলেম্পবোৰৰ লগত এটা নতুন এল‌ইডি ডিআৰ‌এল দিছে কোম্পানিয়ে ।

Exit mobile version