Nawab Malik Arrested : ‘লড়কে জিতেংগে’, ডাউদৰ স’তে যোগসূত্ৰৰ অভিযোগত গ্রেপ্তাৰ নবাবৰ সকীয়নি

bb6e024760b97df003eed997777b5741 original

ডাউদ ইব্রাহিমৰ (Dawood Ibrahim) স’তে সংযোগ থকাৰ অভিযোগত ইডি-য়ে গ্রেপ্তাৰ কৰিলে মহাৰাষ্ট্রৰ মন্ত্রী আৰু প্রথম শাৰীৰ এনচিপি নেতা নবাব মালিকে । এটা বিত্তীয় কেলেংকাৰীৰ গোচৰত, ডাউদ ইব্রাহিমৰ স’তে যোগাযোগ ৰখাৰ অভিযোগ উত্থাপিত হৈছে মন্ত্রীৰ বিৰুদ্ধে । এই গোচৰ সংক্রান্ত বিষয়ত বুধবাৰে তেওঁক সোধ-পোছ কৰে এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটে । ইয়াৰ পাছতেই তেওঁক গ্রেপ্তাৰ কৰা হয় । মন্ত্রীৰ গ্রেপ্তাৰ হোৱা বিষয়টো নবাব মালিকৰ কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি জনোৱা হৈছে । গ্রেপ্তাৰিত স্তব্ধ নহ‌ওঁ, জয় আহিবই । জনাইছে নবাব মালিকে ।

বুধবাৰে পুৱা ছয় বজাত এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটৰ বিষয়াসকলে মন্ত্রী মালিকৰ ঘৰত যায় । তাত বহু সময়লৈকে জেৰা কৰে তেওঁলোকে । ইয়াৰ পাছত ঘৰৰ পৰা মন্ত্রীক লৈ যোৱা হয় কেন্দ্রীয় তদন্ত সংস্থাৰ কাৰ্যালয়ত । তাতো কে’বা ঘণ্টা সোধ-পোছৰ পাছত সন্ধিয়া তেওঁক গ্রেপ্তাৰ কৰে এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটে । বিত্তীয় কেলেংকাৰীৰ বিৰোধী আইনৰ অধীনত (Prevention of Money Laundering Act) ৬২ বছৰীয়া মন্ত্রীগৰাকীৰ স্বীকাৰোক্তি ৰেকর্ড কৰিছে কেন্দ্রীয় তদন্তকাৰী সংস্থাই ।

সোধ-পোছৰ খবৰ লাভ কৰিয়েই মুম্বাইত এনচিপিৰ সদৰ কার্যালয়ৰ সন্মুখত বিক্ষোভ আৰম্ভ কৰে দলৰ সদস্যসকলে । মুম্বাইত এনফ’ৰ্ছমেন্ট ডিৰেক্টৰেটৰ কাৰ্যালয়ৰ সন্মুখতেই আছে এনচিপিৰ সদৰ কাৰ্যালয় । ইডি কাৰ্যালয়ৰ সন্মুখত যোৱাৰ চেষ্টা কৰিলে তেওঁলোকক বাধা দিয়ে প্রশাসনে । বাধা দিয়াৰ পাছত পথত বহি বিক্ষোভ প্ৰদৰ্শন কৰে এনচিপিৰ সমর্থকসকলে ।

এনচিপিৰ মুখপাত্র সঞ্জয় ঠাকৰেই কয়, ‘বিজেপি, এনচিবি, চিবিআই আৰু ইডিৰ মাজত যি যোগসূত্ৰ আছে সেয়া স্পষ্ট কৰিছে নবাব মালিকে । এনচিপি বিজেপিৰ স’তে কেন্দ্রীয় তদন্তকাৰী সংস্থাৰ এই যোগসূত্ৰ ফাদিল কৰা হ’ব ।’

বিৰোধীসকলক আক্রমণ কৰিবলৈ কেন্দ্রীয় তদন্তকাৰী সংস্থাক ব্যৱহাৰ কৰিছে বিজেপিয়ে । মহাৰাষ্ট্রৰ জোঁটসংগীৰ স’তে থাকি এই অভিযোগ কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাওটে । একেই মত এনচিপি প্রধান শৰদ পাৱাৰৰো । মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী থকাকালীন তেওঁৰ বিৰুদ্ধেও একেই অভিযোগ উত্থাপিত হৈছিল, দাবী শৰদ পাৱাৰৰ । তেওঁৰ দাবী, ‘২৫ বছৰ পাছত সেই একেই ফান্দ ব্যৱহাৰ কৰা হৈছে ।’

আৰিয়ান মাদক গোচৰৰ সূত্রত দীর্ঘদিন ধৰি নবাব মালিকৰ স’তে বাকযুদ্ধত লিপ্ত হৈ আছে বিজেপি । পাছত বিত্তীয় কেলেংকাৰী সংক্রান্ত নানা অভিযোগত নবাব মালিকৰ বিৰুদ্ধে আক্রমণ কৰিছিল মহাৰাষ্ট্রৰ প্রাক্তন বিজেপি মুখ্যমন্ত্রী দেবেন্দ্র ফডনবীশে । তেওঁৰ অভিযোগ, ডাউদ-ঘনিষ্ঠ ব্যক্তিৰ পৰা ভূমি কিনিছিল মন্ত্রী নবাব মালিকে ।

Exit mobile version