দীর্ঘায়ু হ’বৰ বাবে এৰি চলক এইসমূহ

Makanan Bebas Gula 1200 x 600

অতিৰিক্ত ভজা-পোৰা

চিপছৰ পৰা আৰম্ভ কৰি খোলা বিক্রী হোৱা অতিৰিক্ত তেলৰ ভজা-পোৰা— সকলোতেই বিপুল পৰিমাণে কেলৰি আছে। এইবোৰে কোলেষ্টেৰলৰ মাত্রা বৃদ্ধি কৰে। যিয়ে নানা ধৰণৰ জটিল অসুখৰ সম্ভাৱনা বঢ়ায়।

 

ধূমপান

এক সমীক্ষা মতে, যিসকলে নিয়মিত ধূমপান কৰে, তেওঁলোকৰ আয়ুস ১০ বছৰ পর্যন্ত কমি যাব পাৰে। সুস্থভাবে দীর্ঘায়ু পোৱাৰ বাবে ধূমপানৰ অভ্যাস আৰম্ভণিতেই ত্যাগ কৰিব লাগিব বুলি পৰামৰ্শ দিয়ে চিকিৎসকে।

অতিৰিক্ত চেনি

কোনো পুষ্টিগুণ নাথাকিলেও কিন্তু চেনি কেলৰিৰে ভৰপূৰ। পুষ্টিগুণহীন এই কেলৰিয়েই বিভিন্ন ধৰণৰ ৰোগৰ কাৰণ হৈ উঠিব পাৰে। কেন্সাৰৰ পৰা আৰম্ভ কৰি ডায়েবেটিছ বা কিডনি বিকল হোৱাৰ দৰে নানা জটিল অসুখে দেখা দিব পাৰে অতিৰিক্ত চেনিৰ কাৰণেই। তাৰ ফলতেই কমিব পাৰে আয়ুস।

Exit mobile version