প্ৰচাৰত শিথিলতা : ৰেলী, জনসভাত ৫০ শতাংশতকৈ অধিক লোকে ল’ব পাৰিব অংশ

919604 eci lead

বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত বৃহৎ সকাহ দিলে নিৰ্বাচন আয়োগে । নিৰ্বাচনী ৰেলী আৰু জনসভাত ৫০ শতাংশ লোকে অংশ ল’ব পাৰিব বুলি পূৰ্বে আৰোপ কৰা বিধি প্ৰত্যাহাৰ কৰিলে আয়োগে । এতিয়াৰে পৰা নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত বৈঠক, ৰেলী, ৰোড শ্ব’ আদিত ৫০ শতাংশতকৈ অধিক সংখ্যক লোকে অংশ ল’ব পাৰিব ।

আয়োগে দেশত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰ আৰু উত্তৰ প্রদেশৰ নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে । যোৱা ছয় ফেব্ৰুৱাৰীত আয়োগে কক্ষৰ ভিতৰত হোৱা বৈঠক আৰু ৰেলীৰ ক্ষেত্ৰত ৫০ আৰু ৩০ শতাংশ লোকৰ অংশগ্ৰহণৰ অনুমতি দিছিল ।

মঙলবাৰে আয়োগে নতুন নিৰ্দেশনা জাৰি কৰি কয় যে এতিয়াৰে পৰা মণিপুৰ আৰু উত্তৰ প্রদেশৰ নিৰ্বাচনৰ প্ৰচাৰত ৫০ শতাংশতকৈ অধিক লোকে ৰেলী আৰু জনসভাত অংশ ল’ব পাৰিব ।

Exit mobile version