লালমাটিৰ চামুগুৰীত ভয়ংকৰ অগ্নিকাণ্ড

আজি ৰাতিপুৱা ১০ বজাত গুৱাহাটী মহানগৰীৰ লালমাটিৰ চামুগুৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । লালমাটি চামুগুৰীৰ নিবাসী প্ৰতুল কলিতা নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড সংঘটিত হয় ।

উক্ত অগ্নিকাণ্ডত প্ৰয়োজনীয় নথি পত্ৰৰ লগতে প্ৰায় ১০ লাখ টকাৰ সা-সম্পত্তি ভষ্মিভূত হয় যদিও কোনো লোক হতাহত হোৱা নাই । গেছ চিলিণ্ডাৰ বিষ্ফোৰণ হৈ উক্ত অগ্নিকাণ্ড সংঘটিত হয় বুলি অনুমান কৰিছে পৰিয়ালৰ লোকে ।

স্থানীয় ৰাইজ আৰু অগ্নিনির্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয় ।

Exit mobile version