২০২৬ৰ পূৰ্বেই দেশৰ এশ কোটি নাগৰিকৰ হাতত স্মাৰ্টফোন : প্ৰতিবেদনৰ তথ্য

istockphoto 1319763415 170667a

আগন্তুক পাঁচ বছৰত ভাৰতত ব্যাপক হাৰত বৃদ্ধি পাব স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা । সম্প্ৰতি প্ৰকাশিত এক প্ৰতিবেদনৰ তথ্য অনুসৰি ২০২৬ বৰ্ষৰ ভিতৰত ভাৰতত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা এক বিলিয়ন অৰ্থাৎ এশ কোটিলৈ বৃদ্ধি পাব ।

গ্ৰামীণ ভাৰতত ব্যাপক হাৰত ইণ্টাৰনেট সংযোগৰ ফলত দেশত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা আগন্তুক পাঁচ বছৰত সৰ্বাধিক হ’ব ।

তথ্যপ্ৰযুক্তি সংস্থা ডেলয়’ট-এ প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি চহৰ অঞ্চলৰ তুলনাত গ্ৰামাঞ্চলত প্ৰায় ছয় শতাংশৰ হাৰত দেশত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাব । একেখন প্ৰতিবেদনত উল্লেখ কৰা মতে ভাৰতত প্ৰতিদিনে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।

Exit mobile version