Russia-Ukraine Crisis : পাঁচ যুদ্ধবিমান গুলি কৰি নমোৱাৰ দাবী ইউক্রেইনৰ, বিমান ঘাটি ধ্বংস কৰাৰ দাবী ৰাছিয়াৰ

AP22048599264193

ৰাছিয়াৰ পাঁচখন যুদ্ধবিমান আৰু এটা হেলিকপ্টাৰ গুলি কৰি নমোৱা হৈছে । এই দাবী ইউক্রেনৰ । ভাৰতীয় সময় বৃহস্পতিবাৰে পুৱাৰ পৰাই ইউক্রেনৰ ওপৰত আক্ৰমণ কৰে ৰাছিয়াই । ইয়াৰ পাছত ক্ষেপণাস্ত্র আৰু বোমাৰু বিমানেৰে আক্ৰমণ কৰে তেওঁলোকে । ইয়াৰ প্ৰত্যুত্তৰো দিছে ইউক্রেইনৰ সেনাই । তেওঁলোকৰ দাবী, লুহানস্ক অঞ্চলত ৰাছিয়াৰ আক্ৰমণকাৰী পাঁচখন বিমান গুলি কৰি নমাইছে তেওঁলোকে । আনহাতে, ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রণালয়ে দাবী কৰিছে যে, তেওঁলোকে ইউক্রেইনৰ বিমানবাহিনীৰ ঘাটি ধ্বংস কৰিছে ।

বৃহস্পতিবাৰে পুৱাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্রেইনৰ বিৰুদ্ধে সেনা অভিযানৰ কথা ঘোষণা কৰে । ইয়াৰ পাছতেই ইউক্রেইনৰ ৰাজধানী কিভত বিস্ফোৰণ কৰা হয় । ক্ষেপণাস্ত্র আক্ৰমণো কৰে ৰুছ বাহিনীয়ে । মস্কোৱে জনাইছে, জনবসতি অঞ্চলত কোনো আক্ৰমণ কৰা হোৱা নাই । ইউক্রেইনৰ সেনা ঘাটি আৰু অস্ত্রসম্ভাৰ লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে ।

Exit mobile version