Russia-Ukraine War : বন্ধ ইউক্ৰেইনৰ আকাশ পথ, আৱদ্ধসকলক দেশলৈ ঘূৰাই আনিবলৈ বিকল্প পথৰ সন্ধানত ভাৰত

123351924 hi074059310

ৰাছিয়াৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ইউক্ৰেইনৰ আকাশসীমা বন্ধ কৰাৰ পাছত সংকটত দেশখনত আৱদ্ধ ভাৰতীয়সকল। কেনেদৰে ইউক্ৰেইনৰ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰি ঘৰলৈ উভতি আহিব লাগে সেই বিষয়ে চিন্তা কৰি আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । বিকল্প পথৰ সন্ধান অব্যাহত আছে।

বোমা আৰু গুলীবৰ্ষণৰ শব্দই টোপনি কাঢ়িছে ইউক্ৰেইনৰ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ কথা ঘোষণা কৰাৰ পাছত, কিয়েভৰ আকাশ ধোঁৱাৰে আবৃত হৈ পৰিছিল। চাৰিওফালে সম্পূৰ্ণ যুদ্ধৰ পৰিস্থিতি । এই পৰিস্থিতিত, প্ৰায় ১৮হেজাৰ ভাৰতীয় নাগৰিক ইউক্ৰেইনত আবদ্ধ হৈ আছে। তেওঁলোকৰ বেছি ভাগেই শিক্ষাৰ্থী।

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ বৃদ্ধি হোৱাৰ সময়ত, ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সেই দেশত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলক ঘূৰাই অনাৰ নিৰ্দেশ দিছিল। সেই অনুসৰি, এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান ‘এআই ১৯৪৭’ত মঙলবাৰে নিশা ২৪২ জন ভাৰতীয় শিক্ষাৰ্থী দিল্লীলৈ উভতি আহে।

তেতিয়াৰ পৰা, ইউক্ৰেইনৰ মাটিত আন কোনো বিমান অৱতৰণ কৰা নাই। ইউক্ৰেইন চৰকাৰে ঘোষণা কৰিছে যে দেশখনৰ আকাশসীমা অনিৰ্দিষ্ট সময়ৰ বাবে বাণিজ্যিক বিমানৰ বাবে বন্ধ থাকিব।

দিল্লীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই পৰিস্থিতিত আৱদ্ধ ভাৰতীয়সকলক কেনেদৰে স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিব পাৰি তাৰ ওপৰত কেবাটাও বৈঠক অনুষ্ঠিত কৰিছে। কিয়েভৰ ভাৰতীয় দূতাবাসৰ স’তে নিৰন্তৰ যোগাযোগ বজাই ৰখা হৈছে। তথ্য অনুসৰি তাত অধিক পৰিমাণে ৰুছ ভাষা জনা বিষয়া মোতায়েন কৰা হৈছে ।

ইফালে, ভাৰতীয় দূতাবাসে ইউক্ৰেইনত বাস কৰা ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। “এই মুহূৰ্তত ইউক্ৰেইনৰ পৰিস্থিতি অত্যন্ত অস্থিৰ। এই পৰিস্থিতিত, কোন ক’ত আছে তাতে থাকক।লগতে কোৱা হৈছে “যিসকলে কিভলৈ আহি আছে, বিশেষকৈ যিসকলে ইউক্ৰেইনৰ পশ্চিম প্ৰান্তৰ পৰা ৰাজধানী কিভ পাবলৈ চেষ্টা কৰি আছে, তেওঁলোকে য’ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তালৈ উভতি যাওক ।’

Exit mobile version