Russia-Ukraine War : সামৰিকৰ পাছত চাইবাৰ আক্ৰমণ ইউক্রেইনত ! ৱাইপাৰ মালৱেৰেৰে তথ্য মচি দিছে ৰাছিয়াই ?

LCKWNDAIYBPKZJJUKU4QBYBFHI

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত বিভেদৰ আৰম্ভণিতেই, আমেৰিকাই সতর্কবার্তা দিছিল যে ইউক্রেইনত চাৰিবাৰ আক্ৰমণ কৰিব পাৰে ৰাছিয়াই । সেই ভৱিষ্যদ্বাণীয়ে যেন আখৰে আখৰে ফলিয়াইছে । স্থানীয় সময় বৃহস্পতিবাৰে ৰাছিয়াই সামৰিক অভিযান চলোৱাৰ পাছতেই ইউক্রেইনৰ নিৰাপত্তা, আভ্যন্তৰীণ, বিদেশ আৰু শিক্ষা মন্ত্রণালয়ৰ চৰকাৰী ৱেবছাইটবোৰে এটা এটাকৈ কাম কৰা বন্ধ কৰি দিয়ে । আন্তর্জাতিক বিশেষজ্ঞসকলৰ ধাৰণা, সামৰিক দিশৰ পৰা দুর্বল কৰি দিয়াৰ লগতে চাইবাৰ আক্ৰমণ চলাই ইউক্রেইনক ভিতৰৰ পৰা একেবাৰে জুৰুলা কৰি দিব বিচাৰিছে ৰাছিয়াই ।

কিছুসংখ্যক সূত্রৰ দাবী, চাইবাৰ আক্ৰমণ চলাই ইউক্রেইনৰ বেংকিং আৰু অর্থনীতি ব্যৱস্থাক অচল কৰি দিয়াই এতিয়া ৰাছিয়াৰ লক্ষ্য । সেই আক্ৰমণ কৰিবলৈ ৱাইপাৰ নামে এটা মালৱেৰ ব্যৱহাৰ কৰিছে ভ্লাদিমিৰ পুটিনৰ দেশে । ঘটনাচক্রে কে’বা মাহ আগতেই হেকিং সংক্রান্ত বহুকেইটা ছফ্টৱেৰ তৈয়াৰ কৰিছে ৰাছিয়াই । শংকা কৰা হৈছে, সেই ছফ্টৱেৰ ব্যৱহাৰ কৰিয়ে ইউক্রেইনক পংগো কৰাৰ চেষ্টা কৰিব পাৰে তেওঁলোকে ।

যি ৱাইপাৰ মালৱেৰ ব্যৱহাৰ কৰি চাইবাৰ আক্ৰমণৰ শংকা কৰা হৈছে, সেই মালৱেৰৰ কাম কি ?

এই মালৱেৰ ব্যৱহাৰ কৰি ছিষ্টেমৰ সমস্ত তথ্য মচি পেলোৱা হয় । ৱাইপাৰ মালৱেৰৰ আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হ’ল, মছি যোৱা তথ্য কোনো কাৰণতেই উদ্ধাৰ কৰা সম্ভৱ নহয় । তদুপৰি, সমস্ত চিষ্টেমকে পংগো কৰি দিব এই মালৱেৰে । এনে যুদ্ধ পৰিস্থিতিত এই মালৱেৰ আক্ৰমণকাৰী দেশসমূহৰ বাবে অতি গুৰুত্বপূর্ণ হৈ উঠিব পাৰে । ৱাইপাৰ মালৱেৰ ব্যৱহাৰ কৰিলে কোনে বা কোনসকলে এই চাইবাৰ আক্ৰমণ কৰিছে তাৰ কোনো প্রমাণেই নাথাকিব । সেই সুযোগ লৈয়েই গুপ্তঘাতকৰ দৰে আক্ৰমণ কৰিব বিচাৰিছে ৰাছিয়াই ।

যি ছিষ্টেমৰ জৰিয়তে তথ্য উদ্ধাৰ কৰা সম্ভৱ, সেই ছিষ্টেমকো একেবাৰে অচল কৰি দিয়াৰ ক্ষমতা আছে এই মালৱেৰৰ ।

Exit mobile version