বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীত অসমৰ প্ৰশংসাত পঞ্চমুখ ৰাষ্ট্ৰপতি

আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে অসমবাসীলৈ সম্ভাষণ জনায় । তেওঁ কয়, “এইটো এক ঐতিহাসিক সংযোগ যে আজি ভাৰতৰ বাবে বলিদান দিয়া বীৰ যুদ্ধাসকলৰ স্মৃতিত দিল্লীত নিৰ্মিত স্মাৰকত তৃতীয় স্থাপত্য বৰ্ষ উদ্‌যাপন কৰা হৈছে আৰু আজিৰ দিনটোতে আমি অসমত ভাৰতৰ বীৰপুত্ৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তী পালন কৰাৰ উপলক্ষ্যে একত্ৰিত হৈছো । ভাৰতৰ মহান যুদ্ধাৰ ভিতৰত অন্যতম লাচিত বৰফুকনৰ স্মৃতিত নমন কৰিছো ।”

ৰাষ্ট্ৰপতিগৰাকীয়ে ড° ভূপেন হাজৰিকাৰ “গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি” গীতটিৰে অসমৰ প্ৰশংসা কৰে । তেওঁ ভাষণ প্ৰসংগত বীৰ লাচিত বৰফুকনৰ যুদ্ধৰ বিষয়েও আলোকপাত কৰে ।

উক্ত অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মসহ বহু মন্ত্ৰী উপস্থিত থাকে ।

Exit mobile version