Russia Ukraine Conflict : ইউক্রেইনে অস্ত্র সম্বৰণ কৰিলে আলোচনাত বহিবলৈ প্ৰস্তুত ৰাছিয়া, বার্তা ৰুছ বৈদেশিক মন্ত্রীৰ

Ukraine 6

দুদিনীয়া যুদ্ধত মৃত্যু হৈছে এশৰো অধিক ইউক্রেইন সেনাৰ, সাধাৰণ জনাতাও । চাৰখাৰ হৈ‌ পৰিছে শান্ত দেশ ইউক্রেইন । অৱশেষত যুদ্ধ ঘোষণাৰ প্রায় ৪৮ ঘণ্টা পাছত ইউক্রেইনক আলোচনাত বহাৰ সুযোগ দিলে মস্কোৱে । সংবাদ সংস্থা এএফপি সূত্রে খবৰ, ৰাছিয়াৰ বৈদেশিক মন্ত্রী লাভৰভে কৈছে, ইউক্রেইনৰ স’তে তেওঁলোক আলোচনাত মিলিত হ’বলৈ প্রস্তুত । তাৰ আগতে ইউক্রেইনৰ সেনাই অস্ত্র সম্বৰণ কৰিব লাগিব । উলোটাই প্রতিৰোধ কৰিব নোৱাৰিব ।

ৰাছিয়াৰ এই হঠাৎ মত পৰিৱর্তনৰ কাৰণ কি ? আন্তর্জাতিক পর্যবেক্ষকসকলৰ অনুসৰি, ৰাছিয়া-ইউক্রেইনৰ সেনা সংঘাত আৰম্ভ ‌হোৱাৰ পৰাই ৰাছিয়াৰ ওপৰত চাপ বৃদ্ধি কৰিছিল আন্তর্জাতিক মহলে । ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীসহ বিভিন্ন দেশৰ ৰাষ্ট্রপ্রধানে পুটিনৰ স’তে আলোচনা কৰিছে । আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যুদ্ধ ঘোষণাৰ পাছত ৰাছিয়াক দিয়া আন্তর্জাতিক বিভিন্ন অর্থ সাহায্য আৰু অনুদান বন্ধ কৰি দিছে বহু দেশে । আন্তর্জাতিক বিশেষজ্ঞসকলৰ অনুমান, চাপত পৰিয়ে ইউক্রেইনক আলোচনাত বহাৰ সুযোগ দিছে মস্কোৱে ।

ভাৰতীয় সময় বৃহস্পতিবাৰে পুৱা ইউক্রেইনৰ বিৰুদ্ধে সেনা অভিযানৰ ঘোষণা কৰিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে । তাৰ পাছৰ পৰাই ইউক্রেইনত ক্ষেপণাস্ত্র বর্ষণ কৰা আৰম্ভ কৰে ৰুছ সেনাবাহিনীয়ে । বৃহস্পতিবাৰে প্রথম দিনৰ যুদ্ধত ইউক্রেইনৰ সবাতোকৈ বৃহৎ চহৰ খাৰকিভ আৰু পৰমাণু বিদ্যুৎ কেন্দ্র চেৰনোবিল দখল কৰে ৰুছ ফৌজে । যুদ্ধৰ দ্বিতীয় দিনত পুটিন বাহিনী ৰাজধানী কিভত উপস্থিত হয় । য’ত এতিয়াও ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দেমিৰ জেলেনস্কি আছে ।

শুকুৰবাৰে সন্ধিয়া প্রকাশ্যত আহে ৰাছিয়াৰ বৈদেশিক মন্ত্রীৰ ঘোষণা । এটা আন্তর্জাতিক সংবাদ সংস্থাই টুইট কৰি এই ঘোষণাৰ বিষয়ে জনায় । যদিও এই বিষয়ত পুটিনৰ প্রতিক্রিয়া বা ইউক্রেইনৰ উত্তৰ পোৱা নাই ।

Exit mobile version