Ukraine Russia Conflict : ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত মধ্যবিত্তৰ ওপৰত কিমান প্ৰভাৱ পৰিব ? কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পাব

1645772752 1

ৰাছিয়া-ইউক্রেইন যুদ্ধত প্ৰভাৱিত হ’ব পাৰে দেশৰ মধ্যবিত্তসকল । পেট্র’ল-ডিজেল বা ৰন্ধন গেছসহ নিত্যপ্রয়োজনীয় পণ্যৰ মূল্য বৃদ্ধিৰ শংকা কৰিছে অর্থনৈতিক বিশেষজ্ঞসকলে । কি কি ব্যয়বহুল হ’ব পাৰে ?

বৃহস্পতিবাৰে পুৱা (স্থানীয় সময় প্রায় ছয় বজাত) এটা টেলিভিছন-বার্তাত ইউক্রেইনত সামৰিক অভিযানৰ কথা ঘোষণা কৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । যদিও পুটিনৰ দাবী, ইউক্রেইন দখলৰ বাবে এই সেনা অভিযান নহয় । ইউক্রেইনক বিচ্ছিন্নতাবাদীসকলৰ দখলমুক্ত কৰাৰ লক্ষ্যৰেই অভিযান চলাব ৰুছ সেনাই ।

পুটিনে সামৰিক অভিযানৰ কথা ক’লেও ইউক্রেইনক তিনি দিশৰ পৰা ৰুছ সেনাবাহিনীয়ে আক্ৰমণ কৰিছে । বিচ্ছিন্নতাবাদীৰ দখলত থকা ইউক্রেইনৰ পূর্বাঞ্চল ডনবাস, দক্ষিণৰ ক্রাইমিয়া, বন্দৰ-চহৰ ওডেসাৰ উপৰিও বেলাৰুছ সংলগ্ন উত্তৰ ইউক্রেইন — এই ত্রিমুখী আক্রমণৰ প্রভাৱ পৰিছে ভাৰতীয় বজাৰতো ।

ৰুছ-ইউক্রেইন সংঘাতৰ ফলত বৃহস্পতিবাৰেই সোণৰ মূল্য বৃদ্ধি পাইছে । বৃহস্পতিবাৰে দেশৰ বজাৰত হলমার্কযুক্ত ২২ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য হৈছে ৫০ হেজাৰ তিনিশ টকা । একেই পৰিমাণ ২৪ কেৰেটৰ পকা সোণৰ মূল্য হৈছে ৫২ হেজাৰ ২৫০ টকা । সোণৰ গহনাৰ মূল্যও ঊর্ধ্বমুখী হৈ (২২ কেৰেট) ৪৯ হেজাৰ ৫৫০ টকা হৈছে । গহনাশিল্পৰ স’তে জড়িতসকলৰ মতে, ৰুছ-ইউক্রেইন সংঘাতত সোণৰ মূল্য আৰু বাঢ়িব পাৰে ।

সুদূৰ ইউক্রেইনত যুদ্ধৰ ফলত বিশ্ববজাৰৰ লগতে প্রভাৱিত হ’ব পাৰে দেশীয় অর্থনীতিও । দেশৰ মধ্যবিত্তসকলৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিব । বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বেৰেল প্রতি ১০৫ ডলাৰ হৈছে । যি বিগত আঠ বছৰত সর্বোচ্চ । বিশ্ববজাৰত অপৰিশোধিত তেলৰ বৃহত্তম উৎপাদনকাৰী হ’ল ৰাছিয়া । যুদ্ধৰ ফলত সেই জোগানত প্ৰভাৱ পাৰিব বুলি শংকা কৰিছে বিশেষজ্ঞসকলে । ইয়াৰ ফলত বিশ্বৰ জিডিপি-তো প্রভাৱ পৰিব ।

এক অর্থনৈতিক সংস্থাৰ দাবী, ৰুছ-ইউক্রেইন যুদ্ধৰ ফলত অপৰিশোধিত তেলৰ মূল্য শীঘ্রে বেৰেল প্রতি ডেৰশ ডলাৰ হৈছে । যাৰ ফলত বিশ্বৰ জিডিপি নামি যাব পাৰে ০.৯ শতাংশলৈ । একেই হাৰত ভাৰতৰো জিডিপি নিন্মমুখী হ’ব পাৰে ।

বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বাঢ়িলে পাইকাৰী বজাৰতো প্রভাৱ পৰিব । কেনেদৰে ? অর্থনীতিবিদসকলে জনাইছে, পাইকাৰী বজাৰত ন শতাংশৰো অধিক দ্রব্যৰ স’তে অপৰিশোধিত তেলজাত পণ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । ফলত এই দ্রব্যবোৰৰ মূল্য বাঢ়িব ।

মধ্যবিত্তৰ ওপৰত কেনেকোৱা প্ৰভাৱ পৰিব পাৰে ? বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বাঢ়ি যোৱাৰ ফলত ৰন্ধন গেছৰ মূল্য‌ও বাঢ়িব পাৰে । যদিও দেশত উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যত নিৰ্বাচনৰ বাবে কেন্দ্রীয় চৰকাৰে ৰন্ধন গেছসহ পেট্র’পণ্যৰ মূল্যত নিষেধাজ্ঞা আৰোপ কৰিছে । সাত মার্চত উত্তৰ প্রদেশত নিৰ্বাচনৰ পাছত এইসমূহ সামগ্রীও ব্যয়বহুল হ’ব ।

ৰন্ধন গেছ (এলপিজি)-ৰ লগতে চিএনজি, পিএনজি-ৰ দৰে প্রাকৃতিক গেছৰ মূল্যও ঊর্ধ্বমুখী হ’ব পাৰে । ইয়াৰ ফলত বিদ্যুতৰ মূল্যও বাঢ়িব পাৰে ।

আগতেও বহুবাৰ দেখা গৈছে যে বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বঢ়াৰ ফলত ৰন্ধন গেছৰ ওপৰিও পেট্র’ল-ডিজেল বা কেৰাচিনৰ মূল্যত প্রভাৱ পৰিছে । ফলত ৰাছিয়া-ইউক্রেইন যুদ্ধ দীর্ঘদিনীয়া হ’লে এইবাৰো এই পণ্যবোৰৰ মূল্য বঢ়াৰ শংকা আছে ।

দেশৰ মুঠ আমদানিকৃত পণ্যৰ ভিতৰত ২৫ শতাংশই হ’ল তেল । এই পণ্যৰ ৮০ শতাংশই বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় কেন্দ্রীয় চৰকাৰে । তেলৰ মূল্য বৃদ্ধি হ’লে দেশৰ মূলধনী নাটনিটো প্রভাৱ পৰিব বুলি দাবী অর্থনীতিবিদসকলৰ ।

ৰাষ্ট্ৰসংঘৰ সাম্প্রতিক এক ৰিপ’র্ট অনুযায়ী, ৰাছিয়া হ’ল বিশ্ববজাৰৰ সবাতোকৈ বৃহৎ গম ৰপ্তানিকাৰী দেশ । আনহাতে, এই তালিকাত ইউক্রেইন চতুর্থ স্থানত আছে । ফলত কৃষ্ণসাগৰীয় অঞ্চলত যুদ্ধৰ ফলত ৰপ্তানিত সমস্যা হ’লে গমৰ মূল্যও বাঢ়িব পাৰে । দেশতো গমৰ মূল্য ঊর্ধ্বমুখী হ’ব পাৰে ।

গমৰ লগতে পেলাডিয়াম নামে এক ধাতৱ পদার্থ ৰপ্তানিতো শীর্ষত আছে ৰাছিয়া । মোবাইল ফোনসহ অটোমোটিভ এগজষ্ট ছিষ্টেমত এই ধাতু ব্যৱহৃত হয় । ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধৰ ফলত ৰাছিয়াৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা জাৰি কৰা হৈছে । এনে পৰিস্থিতিত এই ধাতুৰ মূল্য বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে । ফলত মোবাইল ফোনৰ মূল্য বঢ়াৰ শংকা কৰিছে অনেকে ।

Exit mobile version