ইউক্ৰেইনত আবদ্ধ অসমৰ শ শ ছাত্ৰ-ছাত্ৰী : সুৰক্ষিত ভাৱে আনিবলৈ কেন্দ্ৰক আহ্বান

সমীপত বোমা বিস্ফোৰক, বাংকাৰত কতাইছে নিশা

214dd512 b06a 4b16 891e 775651f92422

সুদূৰ হ’লেও ইউক্রেইনত চিকিৎসা বিজ্ঞানক মুখ্য কৰি বিভিন্ন পাঠ্যক্রম অধ্যয়ন কৰি থকা অসমৰ ছাত্র- ছাত্রীৰ সংখ্যা হ’ল প্রায় তিনি হেজাৰ। দেশখনৰ ওপৰত ৰাছিয়াই চলোৱা আক্ৰমণৰ ফলত নামমাত্ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীহে উভতি আহিবলৈ সক্ষম হৈছে ।

তাৰ বিপৰীতে আবদ্ধ হৈ পৰিছে শ শ ছাত্ৰ-ছাত্ৰী ।উভতি আহিবলৈ সক্ষম হোৱাসকল সেয়েহে এতিয়াও আৱদ্ধ হৈ থকাসকলক লৈ গভীৰভাৱে উদ্বিগ্ন ।

একেদৰে উদ্বিগ্নতাত বিনিদ্র ৰজনী কটাবলগীয়া হৈছে তেওঁলােকৰ অভিভাৱকেও। যদিও আবদ্ধ ছাত্র-ছাত্রীসকলে পৰিয়ালৰ লগত এই মুহূৰ্তলৈ নিয়মীয়া যােগাযােগ ৰাখিবলৈ সক্ষম হৈছে তথাপি সেই যােগাযােগে উদ্বেগৰ মাত্রা হ্রাস কৰিব পৰা নাই।

কিয়নাে ইউক্রেইনৰ পৰিস্থিতিৰ প্রতি মুহূর্ততে অৱনতি ঘটিছে। দেশখনত বিৰাজ কৰা নিৰাপত্তাহীন পৰিবেশৰ বৰ্ণনা উভতি আহিবলৈ সক্ষম হােৱা একাংশ ছাত্র-ছাত্রীয়ে দিছে।

নগাঁও চহৰৰ পাৰ্শ্বৱর্তী শিমলুগুৰিৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত প্রশাসনিক সেৱাৰ বিষয়া চোহৰাৱ আলী আৰু ৰিজুৱাৰ শেহনাজৰ কন্যা আলগৌছিয়া শ্ববনমে যােৱা ২৩ ফেব্ৰুৱাৰীত উভতি আহি ঘৰত উপস্থিত হয়।

ইউক্রেইনৰ টার্ণপিল নেছনেল মেডিকেল কলেজৰ তৃতীয় বর্ষৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে সাংবাদিকৰ আগত কয় যে দেশখনত ২০ হেজাৰমান ভাৰতীয় ছাত্র-ছাত্রী আছে। তাৰ ভিতৰত তিনি হেজাৰমান অসমৰ ছাত্ৰ-ছাত্রী।

এতিয়াও দেশখনত কমেও ১৭ হেজাৰ ভাৰতীয় ছাত্র-ছাত্রী আবদ্ধ হৈ আছে। তেওঁলােকক উদ্ধাৰ কৰিবলৈ চৰকাৰক আহ্বান জনায়।

আলগৌছিয়াই কয়, ‘আমি অহাৰ পাছত হঠাৎ দেশখনৰ পৰিস্থিতি অগ্নিগর্ভা হৈ পৰে। জানুৱাৰীৰ শেষৰ পৰাই পৰিস্থিতি ক্রমান্বয়ে বেয়া হৈ আহিছে। আমিতাে যেনে তেনে আহিলাে, তাত আবদ্ধ হৈ থকা মােৰ বন্ধুসকলে কান্দি আছে। খাবলৈ তেওঁলােকৰ একো নাই। ভাৰতীয় দূতাবাসে সিহঁতক পােলেণ্ড আৰু হাংগেৰী হৈ ভাৰতলৈ উভতি আহিবলৈ কৈছে; কিন্তু সেয়া কেনেকৈ সম্ভৱ? কাৰণ বাহিৰত বােমা বিস্ফোৰণ হৈ আছে। ‘

গুৱাহাটীৰ নুনমাটিৰ অশােক সিনহাৰ লগত আলগৌছিয়াৰ যােগাযােগ হৈ আছে। সহপাঠী অশােকে আজি আলগৌছিয়াক ভিডিঅ’ কলিঙত কয় যে তেওঁলােক যথেষ্ট সংকটত আছে। খাদ্য নাই, যাতায়াত বন্ধ, দোকান-পােহাৰ বন্ধ। আনকি খােৱা পানীৰ অভাৱ হৈছে।

নিৰাপত্তাৰ বাবে তেওঁলােক বাংকাৰত সােমাই থাকিবলগীয়া হৈছে। বাহিৰত হােৱা বােমা-বিস্ফোৰণৰ শব্দ তেওঁলােকৰ কাণত পৰিছে। অশােকে তেওঁলােকক উদ্ধাৰ কৰিবলৈ ভাৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইউক্রেইনত আবদ্ধ হৈ থকা এগৰাকী ছাত্রী হ’ল ডিগবৈৰ মিলন নগৰৰ ৰাজেশ্বৰী বড়াে। চিকিৎসা বিজ্ঞান পাঠ্যক্রম অধ্যয়নৰ বাবে ছেপ্টেম্বৰত ৰাজেশ্বৰী দেশখনলৈ গৈছিল।

ৰাজেশ্বৰীয়ে পিতৃ অনন্ত বড়াে আৰু মাতৃ তাৰা বড়ােক জনােৱা মতে, যােৱা নিশাটো ভাৰতৰ পাঁচ সতীর্থ আৰু বিভিন্ন দেশৰ লােকৰ স’তে তেওঁ এটা বাংকাৰত কটায়।

ভাৰতীয় দূতাবাসৰ লগত যােগাযােগৰ চেষ্টা কৰিও সফল নােহােৱা বুলি ৰাজেশ্বৰীয়ে ইতিমধ্যে জানিবলৈ দিয়ে। ইউক্রেইনৰ পশ্চিম দিশত থকা য়ুথকড চহৰত থকা চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্রী হ’ল যােৰহাটৰ লাহদৈগড়ৰ নিবাসী চিকিৎসক লংকেশ্বৰ ৰাজমেধি আৰু অৰূপা ৰাজমেধিৰ জ্যেষ্ঠ সন্তান অলিভিয়া ৰাজমেধি।

অলিভিয়াই পিতৃ-মাতৃৰ লগত সঘনে যােগাযােগ ৰক্ষা কৰি চলিছে। অৱশ্যে এতিয়ালৈকে তেওঁ নিৰাপদে থকা বুলি পিতৃ-মাতৃক জনায়।

লগতে তেওঁ জানিবলৈ দিয়ে যে তেওঁলােকে অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই তেওঁলােকক নিৰাপদে ইউক্রেইনৰ পৰা ঘূৰাই পঠোৱাৰ আশ্বাস দিছে।

দেৰগাঁৱৰ দুগৰাকী ছাত্র-ছাত্রীও ইউক্রেইনত আবদ্ধ হৈ আছে। তেওঁলােক হ’ল দেৰগাঁও আৰ টি এছৰ বাসিন্দা নীলিম কলিতা আৰু দেৰগাঁৱৰ মাজমজিয়াৰ ছালমা চুলতানা।

দুয়াে চিকিৎসা বিজ্ঞান পাঠ্যক্রম ছাত্র-ছাত্রী। ছালমা টার্ণফিল্ড হেলথ মেডিকেল বিশ্ববিদ্যালয়ৰ ছাত্রী। শুকুৰবাৰে দেৰগাঁৱৰ সাংবাদিকৰ স’তে ফোনযােগে হােৱা বাৰ্তালাপত নীলিমে তেওঁলােক নিৰাপদে থকা বুলি ব্যক্ত কৰে। অৱশ্যে পৰিয়ালৰ লােকসকল দুয়ােকে লৈ গভীৰ উদ্বিগ্নতাত সময় পাৰ কৰিবলগীয়া হৈছে।

Exit mobile version