পৌৰ নিৰ্বাচন : নগৰৰ দুখীয়াক চৰকাৰী ঘৰ প্ৰদানৰ পুনৰ আশ্বাস

Ed2JpsKVAAEFI1P

প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে নিজে তদাৰক কৰা কেন্দ্রীয় চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি— প্রধানমন্ত্রী আৱাস যােজনা (নগৰ)। ২০২২ৰ মাৰ্চৰ ভিতৰত দেশৰ নগৰ অঞ্চলৰ কোনাে লােক যাতে গৃহহীন হৈ থাকিব নালাগে সেই লক্ষ্যৰে বিগত ২০১৪ জুনত আঁচনিখনৰ ৰূপায়ণ আৰম্ভ হৈছিল।

সেই সময়সীমা স্পর্শ কৰিবলৈ মাজত এমাহহে আছে। অসমত এই আঁচনিখন অতি শামুকীয়া গতিত ৰূপায়ণ হােৱাই নহয়, চাৰিখন নগৰত আজিলৈকে এটা ঘৰাে সম্পূর্ণ নহ’ল। নগৰকেইখন হ’ল গােলকগঞ্জ, জাগীৰােড, বৈঠালাংছ আৰু লাংহিন। এই তথ্যৰে একপ্রকাৰ অভিলেখ গঢ়া অসমত মাত্র এটা ঘৰৰ নিৰ্মাণ সম্পূর্ণ হােৱা নগৰখন হ’ল ডুমডুমা।

বিগত ২০১৬ৰ পৰা কেন্দ্রীয় চৰকাৰে অসমক আঁচনিখনৰ অধীনত আবণ্টন দিছে ১,২৭,৮৪৫টা ঘৰ। অসমত এই ঘৰ নিৰ্মাণৰ দায়িত্বত থকা প্রধানমন্ত্রী আৱাস যােজনা (নগৰ)ৰ মিছন সঞ্চালকালয়ে যােৱা জানুৱাৰীলৈ ইয়াৰে মাত্র ২৮,৮১৩ টা ঘৰৰ নিৰ্মাণহে সম্পূর্ণ কৰিব পাৰিছে।

অর্থাৎ আবণ্টিত ঘৰৰ চাৰিভাগৰ এক অংশৰ নির্মাণে অসমে সম্পূর্ণ কৰিব পৰা নাই। ৰাজ্যৰ সমাগত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত প্ৰতিটো দলেই পৌৰসভা অঞ্চলৰ গৃহহীন আৰু দুখীয়া তথা দৰিদ্র সীমাৰেখাৰ তলৰ নাগৰিকক চৰকাৰী ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্রতিশ্রুতি দিছে।

এনে প্রতিশ্রুতি বাৰম্বাৰ কৈ অহা হৈছে। সেইবােৰৰ বাস্তৱ স্বৰূপ শেহতীয়া উক্ত পৰিসংখ্যাতে জলজল পটপট হৈছে। গৃহ নির্মাণৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্রয়ােজনীয় পুঁজি অনাতাে ব্যর্থ হােৱাটো বিভাগীয় পৰিসংখ্যাত ওলাই পৰিছে।

চৰকাৰৰ তথ্য অনুসৰি কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্রণালয়ে অসমক ২০১৬-১৭ত ১১,১৬১ টা গৃহৰ আবণ্টন দিছিল। তেনেদৰে ২০১৭-১৮ত ৪৪,৭৩৬ টা, ২০১৮-১৯ত ৩,৩৫৪টা, ২০১৯-২০ত ৪৮,৪৫৮টা আৰু ২০২০-২১ত ২০,১৩৭টা গৃহৰ আবণ্টন আঁচনিখনৰ অধীনত দিয়ে।

অসমৰ মিছন সঞ্চালকালয়ৰ তথ্য অনুসৰি আবণ্টিত ঘৰৰ সংখ্যাৰ বিপৰীতে ২০১৬-১৭ত ৬৬টাৰহে নির্মাণ সম্পূর্ণ হয়। ২০১৭০১৮ত সম্পূর্ণ হােৱা ঘৰৰ সংখ্যা হ’ল ৩৮১টা।

২০১৮-১৯ত সম্পূর্ণ হয় ১৩,৮৪৭চা, ২০১৯-২০ত সম্পূর্ণ হয় ৩,৯৫৩টা আৰু ২০২০-২১ৰ জানুৱাৰীলৈ নির্মাণ সম্পূর্ণ হয় ১০,৫৬৬ টা ঘৰৰ। এনে ব্যর্থতাৰ সন্দৰ্ভত অসম চৰকাৰ তথা মিছন সঞ্চালকালয়ৰ সূত্রই কেন্দ্রীয় চৰকাৰক জগৰীয়া কৰে।

কেন্দ্রই পুঁজি মােকলাই নিদিয়াৰ ফলতে অসমে বদনাম ল’বলগীয়া হৈছে বুলি সূত্ৰটোৱে মন্তব্য কৰে। একে সময়তে কিন্তু অসম চৰকাৰে মােকলাই দিয়া পুঁজি হিতাধিকাৰীক যােগান নধৰা সন্দৰ্ভত কিন্তু মিছন সঞ্চালকালয়ৰ লগতে অসম চৰকাৰাে নীৰৱ।

শেহতীয়াকৈ অসম চৰকাৰে হাতত জমা থকা সত্ত্বেও আঁচনিখনৰ দ্বিতীয় কিস্তিৰ ধন কে’বামাহাে মােকলাই নিদিয়াক লৈ হিতাধিকাৰীসকলে যমৰ যাতনা ভুগিবলগীয়া হয়।

ইয়াকে লৈ সৃষ্টি হােৱা তীব্র প্রতিক্রিয়াত একপ্রকাৰ বাধ্য হৈহে প্রাপ্য কিস্তি হিতাধিকাৰীক মােকলাই দিবলৈ বাধ্য হয়। প্রসংগক্রমে উল্লেখ্য যে ২০১৬-১৭ৰ পৰা কেন্দ্রীয় চৰকাৰে অসমক আঁচনিখনৰ বাবদ আবণ্টন দিয়া ধনৰ পৰিমাণ হ’ল ২,০৮৮.৬৭ কোটি টকা।

ইয়াৰে মােকলাই দিয়া পুঁজিৰ পৰিমাণ ৯৮২.৮৬ কোটি টকা। ২০১৬-১৭ত আবণ্টন দিয়া হৈছিল ১৬৭.৪১ কোটি টকা আৰু তাৰে মােকলাই দিয়া হয় ১৩.৮৬ কোটি টকা। ২০১৭-১৮ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৬৭২.১৭ কোটি টকা আৰু মােকলাই দিয়া হয় ৩২৬.৪৩ কোটি টকা।

২০১৮-১৯ত আৱণ্টন দিয়া হৈছিল ৫২.৫০ কোটি টকা আৰু মােকলাই দিয়া হৈছিল ১৫.০৮ কোটি টকা। ২০১৯-২০ত আবণ্টিত পুঁজিৰ পৰিমাণ আছিল ৮৭৯.৩৮ কোটি টকা আৰু মােকলাই দিছিল ৪৯.৪৫ কোটি টকা। তেনেদৰে ২০২০-২১ত আবণ্টিত ৩১৭.২০ কোটি টকাৰ বিপৰীতে মােকলাই দিয়া ধনৰ পৰিমাণ হ’ল ১৩২.৮৫ কোটি টকা।

আঁচনিখনৰ বাবে হিতাধিকাৰীক দিয়াৰ ধনৰ পৰিমাণ হ’ল দুই লাখ টকা। তিনিটা কিস্তিত এই ধন দিয়া হয়। প্রথম কিস্তিত ৮০ হেজাৰ টকা দিয়া হয়। সেই ধনেৰে ঘৰৰ ভেঁটিলৈ নির্মাণ সম্পূর্ণ কৰাৰ পাছত তাৰ প্ৰমাণ দাখিল কৰিলে দ্বিতীয় কিস্তিৰ ৯০ হেজাৰ টকা দিয়া হয়।

ঘৰৰ নির্মাণ সম্পূর্ণ হােৱাৰ পাছত ৰং দিয়া আৰু অন্যান্য ৰৈ যােৱা কামৰ বাবে তৃতীয় কিস্তিত ৩০ হেজাৰ টকা হিতাধিকাৰীয়ে লাভ কৰে। তথ্য অনুসৰি অসমৰ ৯০খন নগৰত প্রধানমন্ত্রী আৱাস যােজনা (নগৰ) আঁচনিখন ৰূপায়ণ হৈ আছে।

Exit mobile version