বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাকৰিত গীত,কথা,কবিতাৰে ফাগুনৰ বিশেষ উদযাপন

5a98a57f 6e83 4c90 8602 77fdb14afafc

কোকৰাঝাৰৰ দেবৰগাওঁস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বাকৰিত গীত,কথা,কবিতাৰে ফাগুনৰ বিশেষ উদযাপন নামৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানতেই ফাগুনৰ ওপৰত বিশেষভাবে গীত,কথা,কবিতাৰ ওপৰত বিশেষ অনুষ্ঠানটো অনুষ্ঠিত কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ডঃ হিল্লোল জ্যোতি সিংহৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটোত বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ প্ৰবক্তাসকলৰ লগতে শিক্ষার্থীসকলো উপস্থিত থাকি কবিতা, গীত, নৃত্য আদি প্ৰদৰ্শন কৰে।

উক্ত অনুষ্ঠানটোৰ আঁত ধৰে ডঃ ৰাতুল ডেকাই, কবিতা পাঠ কৰে ডঃ বিভূতিলোচন শৰ্মা, ডঃ প্ৰহ্লাদ বসুমতাৰী, চক্রধৰ ৰায়, সাংবাদিক কৃষ্ণ বৰ্মন, বিভাৰাণী তালুকদাৰৰ লগতে গীত পৰিবেশন কৰে ডঃ মানৱ মেধি, ডঃ ডেইজী ৰাণী ডেকা, দীপামনি বৈশ্য, প্ৰীতম নাথ আৰু নৃত্য পৰিবেশন কৰে প্ৰিয়ংকা সিংহই।

Exit mobile version