বিবাহৰ এদিন পাছতে তালাক সম্পন্ন দম্পতীৰ

images 2

ভাৰতীয় সমাজত বিবাহক সাত জনমৰ সম্পৰ্কৰ বান্ধোন গণ্যকৰা হয়। অৱশ্যে কেতিয়াবা বিবাহৰ এই পবিত্র বান্ধোন ছিঙি যায়।

কেতিয়াবা আকৌ বিবাহৰ কেইদিনমানৰ পাছতে দম্পতীৰ মাজত সম্পৰ্কৰ অৱসান ঘটে। তালাক অর্থাৎ বিবাহ বিচ্ছেদৰ এনে এক আজব ঘটনা সংঘটিত হ’ল সংযুক্ত আৰৱ আমিশাহী (ইউ এ ই)ত।

বিবাহৰ মাত্ৰ এদিন পাছতে ইউ এ ইত এক দম্পতীয়ে তালাক গ্ৰহণ কৰিলে। এইখন বিবাহ ইউ এ ইত সবাতােকৈ কম দিনত বৈবাহিক জীৱন হিচাপে পৰিচিত হ’ল। ‘খলীজ টাইমছ’ৰ বাতৰি অনুসৰি, ২০২১ বৰ্ষত ইউ এ ইত মুঠ ৬৪৮ টা বিবাহ বিচ্ছেদৰ গােচৰ ৰুজু হৈছিল।

ইয়াৰে এক দম্পতীয়ে বৈবাহিক জীৱনৰ ৪৭ বছৰ অতিবাহিত কৰাৰ পাছত তালাকৰ বাবে আবেদন জনাইছিল আৰু আন এক দম্পতীয়ে বিবাহ সম্পন্ন হােৱাৰ পাছদিনাই তালাকৰ সিদ্ধান্ত লৈ আদালতৰ কাষ চাপিছিল।

অৱশ্যে ৪৭ বছৰ দাম্পত্য জীৱন একেলগে যাপন কৰাৰ পাছত বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ দ্বাৰ হােৱা দম্পতী সংযুক্ত আৰৱ আমিৰশ্বাহীৰ স্থায়ী বাসিন্দা নাছিল।

ইউ এ ইত যােৱা বছৰত বিবাহ বিচ্ছেদ বিচৰা মুঠ ৬৪৮ দম্পতীৰ ভিতৰত ৩১১ দম্পতী স্থানীয় স্থায়ী বাসিন্দা হােৱাৰ বিপৰীতে ১৯৪ গৰাকী দম্পতী আছিল বিদেশীমূলৰ কর্মসূত্রে ইউ এ ইত বাস কৰা লােক।

আনহাতে, বিবাহ বিচ্ছেদৰ আবেদন জনােৱা ১৫ টা গােচৰত। বিদেশী নাগৰিকৰে বিবাহ সম্পন্ন কৰা ইউ এ ই ১৫ গৰাকী মহিলা নাগৰিকো আছিল।

যুক্তৰাষ্ট্ৰীয় আদালতে শাজাহ, উন্ম অল কুনে, অজমান আৰু ফুজেৰাহ অমীৰাত চহৰত এইসমূহ বিবাহ বিচ্ছেদৰ পঞ্জীয়ন কৰায়। ইউ এ ইৰ ন্যায় মন্ত্রণালয়ে প্ৰকাশ কৰা মতে, ২০২১ বৰ্ষত সংযুক্ত আৰৰ আমিৰশ্বাহীৰ এইসমূহ চহৰত মুঠ ৪,৫৪২ খন বিবাহৰ পঞ্জীয়ন কৰা হৈছিল।

ন্যায় মন্ত্রণালয়ৰ তথ্য উল্লেখ কৰা মতে, বিবাহ বিচ্ছেদ সম্পন্ন হোৱা দম্পতীৰ মাজত এক দম্পতীৰ বৈবাহিক জীবন মাত্র। এদিনহে অতিবাহিত হৈছিল।

আন কেবাগৰাকীও দম্পতীয়ে বিবাহৰ ১৫ দিনৰ ভিতৰতে তালাক বিচাৰি ইউ এ ই আদালত কাষ চাপিছিল। একেদৰে একাংশ দম্পতীয়ে বিবাহৰ ৩০ৰ পৰা ৪৭ বছৰৰ পাছত তালাকৰ বাবে আদালতত আবেদন দাখিল কৰিছিল।

ন্যায় মন্ত্রণালয়ে জনােৱা মতে বুজাবুজিৰ অভাৱ,পাৰিবাৰিক অশান্তি, যৌন অক্ষমতা, বিকৃত যৌন মানসিকতা, নির্যাতন আদি কাৰণত সৰহ সংখ্যক দম্পতীয়ে বিবাহ বিচ্ছেদ বিচাৰি আইনৰ কাষ চাপিবলৈ বাধ্য হৈছিল। বিশ্বৰ আন বহু দেশৰ দৰে ইউ এ ইতাে তালাকৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।

Exit mobile version