ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সুৰাপ্ৰেমীৰো দু:খবৰ

ব্যাপক হাৰত মূল্য বাঢ়িব পাৰে বীয়েৰৰ

Ukraine war 1200x768 1

জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ইউক্রেইন আক্রমণ কৰিলে ৰাছিয়াই। চৌদিশে আশংকাৰ ছাঁ। আনকি বিশ্বযুদ্ধৰ আশংকাতাে ভুগিছে বহুতে। সেইদৰে এই যুদ্ধই বিশ্বৰ সুৰাপায়ীসকলৰ বাবেও কঢ়িয়াই আনিছে উদ্বেগৰ বার্তা। কাৰণ যুদ্ধৰ প্ৰভাৱত ব্যাপক হাৰত দাম বাঢ়িব পাৰে বীয়েৰৰ।

যুদ্ধৰ পৰিৱেশত বস্তু-বাহানিৰ দাম বঢ়াতাে স্বাভাৱিক কথা। অথচ বীয়েৰৰ লগত যুদ্ধৰ কি সম্পর্ক? আচলতে বীয়েৰ তৈয়াৰ কৰাৰ অন্যতম গুৰুত্বপূর্ণ উপাদান হৈছে গম। এই গমৰে অন্যতম উৎপাদক দেশ হৈছে ৰাছিয়া আৰু ইউক্রেইন।

উৎপাদনৰ নিৰিখত ৰাছিয়া বিশ্বত দ্বিতীয় স্থানত আছে। আনহাতে, ইউক্রেইন হৈছে চতুর্থ সর্বাধিক গম উৎপাদনকাৰী দেশ। আকৌ বীয়েৰ প্ৰস্তুত কৰাত বার্লিও ব্যৱহাৰ হয়।

সর্বাধিক বার্লি ৰপ্তানি কৰা দেশসমূহৰ তালিকাতাে প্রথম পাঁচখনৰ ভিতৰত আছে ৰাছিয়া আৰু ইউক্রেইন। এতিয়া দুই দেশৰ মাজত যুদ্ধ আৰম্ভ হােৱাত ইয়াৰ প্রভাৱ যে গম আৰু বার্লিৰ উৎপাদন তথা ৰপ্তানিত পৰিব,সেয়াই নিশ্চিত।

কেঁচামালৰ দাম বাঢ়িলে তাৰ প্ৰভাৱ পৰিব বীয়েৰৰ মূল্যত। এই প্রসংগতে এটা বীয়েৰ কোম্পানী মুখ্য কাৰ্যবাহী বিষয়া অংকুৰ জৈনে এক সর্বভাৰতীয় সংবাদ মাধ্যমক কয়, ‘বার্লিৰ দাম আগতেই বাঢ়িল। এতিয়া যুদ্ধৰ পৰিস্থিতিত বালিৰ দাম পুনৰ বাঢ়িব। যাৰ ফলত উদ্যোগ মালিকসকলৰ লাভৰ পৰিমাণ কমিব। এতিয়া লক্ষ্যণীয় দিশটো হ’ব সেই লাভৰ পৰিমাণ অপৰিৱৰ্তিত ৰাখিবলৈ কোম্পানীসমূহে বীয়েৰৰ দাম বৃদ্ধি কৰে নে নাই। ‘

অনুৰূপ ভাষ্য বীয়েৰ কেফেৰ সহ-প্রতিষ্ঠাপক ৰাহুল সিঙৰে। তেওঁ কয়, ‘বিগত দুবছৰ ধৰি ব্যৱসায় মন্দা আছিল। এইবাৰ এই যুদ্ধয়াে বজাৰত প্ৰভাৱ পেলাইছে। গতিকে বীয়েৰৰ মূল্যবৃদ্ধি কোনাে অস্বাভাৱিক নহয়। ‘বিভিন্ন মহলে মত প্ৰকাশ কৰিছে যুদ্ধৰ পৰিস্থিতিত কেঁচামালৰ ৰপ্তানিও বাধাপ্রাপ্ত হ’ব। ফলত বীয়েৰৰ মূল্যত ইয়াৰাে প্ৰভাৱ পৰিব। অৱশ্যে মূল্যবৃদ্ধি এতিয়াই হ’ব নে নহয়, সেই বিষয়ত কোনেও মুখ খােলা নাই।

Exit mobile version