Russia -Ukraine War: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱাৰ যুদ্ধত হেজাৰতকৈ অধিক ৰুছ সেনাৰ মৃত্যু !

1645855807 war

ইউক্ৰেইনত অব্যাহত আছে যুদ্ধ । কিভৰ চুকে কোনে চলিছে ৰক্তক্ষয়ী যুদ্ধ । শনিবাৰে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰে যে এতিয়ালৈকে তেওঁলোকৰ হাতত ১,০০০ তকৈও অধিক ৰাছিয়াৰ সৈন্যৰ মৃত্যু হৈছে । যদিও এই সন্দৰ্ভত ৰাছিয়াই এতিয়ালৈকে মুখ খোলা নাই।

ইউক্ৰেনে লগতে দাবী কৰে যে কমেও ৮০ টা টেংক, ৫১৬ খন সজ্জিত বাহন, সাতখন হেলিকপ্টাৰ, ১০ খন যুদ্ধবিমান আৰু ২০ খন ক্ৰুজ মিছাইল ধ্বংস কৰা হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে ৰাছিয়াৰ সামৰিক বাহিনীয়ে ইতিমধ্যে ইউক্ৰেইনৰ ২১১ টা সামৰিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিবলৈ সক্ষম হৈছে।

নিজৰ ফেচবুক পেজত, ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে দাবী কৰিছিল যে “ৰাছিয়াৰ সৈন্যই কিয়েভৰ ভিক্টৰী এভিনিউৰ ওচৰৰ এটা সেনা ঘাটিত আক্ৰমণ কৰিছিল। লগে লগে তাৰ উত্তৰ দিয়া হয় ।’ কিন্তু, ঘটনাটোৰ বিষয়ে আৰু কোনো তথ্য দিয়া হোৱা নাই।

ইউক্ৰেইনৰ ৰাজধানী কিভৰ দখল কৰিবলৈ যুদ্ধ চলি আছে। যদিও ৰাছিয়াই এতিয়াও কিভৰ দখল কৰিবলৈ পৰা নাই ,চহৰখনৰ চুকে কোনে দুয়োটা বাহিনীৰ মাজত বন্দুকযুদ্ধ অব্যাহত আছে। ইউক্ৰেইন চৰকাৰে নাগৰিকসকলক ৰাছিয়াৰ সেনাক প্ৰতিৰোধ কৰিবলৈ অস্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

শনিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে ভীষণ যুঁজ । কেবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ মতে, এই মুহূৰ্তত ৰাজধানীৰ আকাশ বতাহ কঁপি উঠিছে। সূত্ৰঅনুসৰি, ৰাষ্ট্ৰীয় আৰক্ষী বাহিনীৰ ছদ্মবেশত ৰাছিয়াৰ সেনাই ভাচিলকিভৰ নাকাৰ সন্মুখত আহি তাত পহৰা দি থকা ইউক্ৰেইনৰ সৈন্যসকলৰ ওপৰত গুলীচালনা কৰে।

কিন্তু যুদ্ধৰ পৰিস্থিতিৰ মাজত, কোনো দাবীৰ সত্যতা নিৰূপণ কৰা আৰু সত্য নিৰ্ধাৰণ কৰা সম্ভৱ হোৱা নাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইতিমধ্যে ইউক্ৰেইনৰ সামৰিক বাহিনীক নেতৃত্ব প্ৰত্যাহাৰ কৰিবলৈ আৰু শান্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

ইফালে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এজন মুখপাত্ৰই সামাজিক মাধ্যমক জনাইছে যে ইউক্ৰেইন আৰু ৰাছিয়াই আলোচনা কৰাৰ উপযুক্ত স্থান আৰু সময়ৰ বিষয়ে কথা পাতি আছে।

ৰাষ্ট্ৰসংঘৰ মতে, ৰাছিয়াৰ আক্ৰমণত এতিয়ালৈকে ২৫ জন সাধাৰণ লোক নিহত হৈছে। আহতৰ সংখ্যা ১০২ জন।

Exit mobile version