Ukraine-Russia Conflict : নিৰাপত্তা পৰিষদত ইউক্ৰেইনৰ ভোটত অংশগ্ৰহণ নকৰিলে ভাৰতে

1645848346 un

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ বিৰুদ্ধে প্ৰস্তাৱৰ ওপৰত ভোটত অংশ গ্ৰহণ নকৰিলে ভাৰতে । নিৰাপত্তা পৰিষদৰ বৈঠকত আমেৰিকা আৰু ইয়াৰ সহযোগী ৰাষ্ট্ৰসমূহে অনা এই প্ৰস্তাৱৰ ভোটদানত অংশ গ্ৰহণ নকৰে বুলি ঘোষণা কৰে ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে ।

ৰাছিয়াৰ বিৰুদ্ধে প্ৰস্তাৱৰ সপক্ষে ১১ টা ভোট আছে। ভাৰতৰ বাহিৰেও চীন আৰু সংযুক্ত আৰৱ আমিৰাশ্বাহীয়ে ভোটদানত অংশগ্ৰহণ কৰা নাই। অৱশ্যে, ৰাছিয়াই ভেটো প্ৰয়োগ কৰাৰ বাবে এই প্ৰস্তাৱ গৃহীত নহয় ।

তিৰুমূৰ্তিয়ে কয়, “ইউক্ৰেইনৰ সাম্প্ৰতিক ঘটনাক লৈ ভাৰত গভীৰভাৱে চিন্তিত । আমি শীঘ্ৰে শত্ৰুতা আৰু হিংসা বন্ধ কৰাৰ আহ্বান জনাইছো ।” তেওঁ লগতে কয় যে কেৱল আলোচনাৰ জৰিয়তে ইউক্ৰেইনৰ সংকট সমাধান কৰিব পাৰি ।

নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ভাৰতৰ তৰফৰ পৰা আগতেই ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত “ভাৰসাম্যৰ কূটনীতি”ৰ ইংগিত দিছিল । শনিবাৰে গুৰুমূৰ্তিৰ বক্তব্য‌ইও এইটো প্ৰমাণ কৰে । আমেৰিকা আৰু ইয়াৰ সহযোগী দেশসমূহে অনা এই প্ৰস্তাৱত “ইউক্ৰেইনত সামৰিক আক্ৰমণৰ বাবে ৰাছিয়াক তীব্ৰ গৰিহণা ” দিয়া হৈছে । নতুন দিল্লীয়ে পশ্চিমীয়া বিশ্বৰ এই মস্কোৰ বিৰোধিতাত যোগদান কৰা নাই।

সোমবাৰে নিশা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰে ইউক্ৰেইনৰ ডনেটস্ক আৰু লুহানস্ক অঞ্চলক (সামূহিকভাৱে ডনবাছ বুলি কোৱা হয়) স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি দিয়ে।

ইয়াৰ ঠিক পাছতে, মস্কো পন্থী বিচ্ছিন্নতাবাদী গোষ্ঠীসমূহক সহায় কৰিবলৈ ৰাছিয়াৰ সৈন্যই দুয়োটা অঞ্চলত অনুপ্ৰৱেশ কৰাৰ খবৰ পোৱা যায় । ঘটনা সন্দৰ্ভত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন জৰুৰী বৈঠক আহ্বান কৰা হয় ।

তাতে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহে পুটিন চৰকাৰৰ সিদ্ধান্তক “ইউক্ৰেইনৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ” বুলি অভিহিত কৰিছে । সেই দেশবোৰে জনায় যে তেওঁলোকে ৰাছিয়াৰ বিৰুদ্ধে বিত্তীয় নিষেধাজ্ঞা আৰোপ কৰিব আৰু অন্য পদক্ষেপ ল’ব ।

কিন্তু আমেৰিকাকে ধৰি পশ্চিমীয়া দেশসমূহৰ এই সিদ্ধান্তত অংশগ্ৰহণ কৰা নাই নৰেন্দ্ৰ মোদী চৰকাৰে । ইয়াৰ পৰিৱৰ্তে, তিৰুমূৰ্তিয়ে ইউক্ৰেইন সংকট আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ কয় । তেওঁ কয়, “পৰিস্থিতি উদ্বেগজনক । এতিয়া, সকলো দেশৰ বৈধ স্বাৰ্থৰ কথা বিবেচনা কৰি, স্থায়ী শান্তি আৰু স্থিৰতাৰ দিশত পদক্ষেপ লোৱা উচিত ।’

এই সন্দৰ্ভত তিৰুমূৰ্তিয়ে ২০১৪-১৫ বৰ্ষৰ মিনস্ক চুক্তিৰ কথা উল্লেখ কৰে । ইউক্ৰেইনৰ ওপৰত চুক্তি এতিয়াও কাৰ্যকৰী হোৱা নাই ।

নিৰপত্তা পৰিষদত তিৰুমূর্তিৰ বক্তব্য, ‘‘ৰাছিয়া, ইউক্রেইন আৰু ইউৰোপৰ অ’এছচিই (অর্গানাইজেছন ফৰ চিকিউৰিটি এণ্ড কো-অপাৰেছন ইন ইউৰোপ)-ভুক্ত দেশসমূহৰ স’তে গঠিত গোষ্ঠীৰ আলোচনা হ’লে ভাৰতে আদৰণি জনাব ।’’

একে সময়তে, তেওঁ কয়, ভাৰতে ৰাছিয়া, ইউক্ৰেইন, জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত নিয়মীয়া পৰ্যায়ৰ আলোচনাৰ পক্ষপাতী । তিৰুমূৰ্তিয়ে কয়, “বৰ্তমান পৰিস্থিতিত গঠনমূলক কূটনীতিয়ে হৈছে একমাত্ৰ উপায় ।”

বৃহস্পতিবাৰে পুটিনে ইউক্ৰেইনত সামৰিক অভিযান ঘোষণা কৰাৰ পাছত ভাৰতে পুনৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত উদ্বেগ প্ৰকাশ কৰে । তিৰুমূৰ্তিয়ে কয়, “দুদিন আগতে নিৰাপত্তা পৰিষদ মিলিত হৈছিল আৰু পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিছিল । আমি শীঘ্ৰে উত্তেজনা হ্ৰাস কৰাৰ বাবে আহ্বান জনাইছো আৰু পৰিস্থিতিৰ স’তে সম্পৰ্কিত সকলো বিষয়ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী আৰু যুক্তিসংগত কূটনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো । কিন্তু জনাবলৈ পাই দুঃখিত যে উত্তেজনা নিষ্ক্ৰিয় কৰাৰ শেহতীয়া পদক্ষেপৰ প্ৰতি আন্তৰ্জাতিক সম্প্ৰদায়ৰ পৰা কোনো সঁহাৰি পোৱা নাই ।”

Exit mobile version