ভাওৰাগুৰীৰ বৰুৱাপাৰাত বিজেপিৰ কচুগাওঁ মণ্ডলৰ যোগদান সভা অনুষ্ঠিত

9136043f 958e 44f5 bf66 1f65f2810e2e

বিটিআৰত বিজেপিৰ শক্তি বৃদ্ধিৰ প্ৰয়াসেৰে আজি গোসাইগাও মহকুমাৰ কমলসিং ভিচিডিচিৰ অন্তৰ্গত ১ নং বৰুৱাপাৰাত বিজেপিৰ কচুগাও মণ্ডলৰ উদ্যোগত যোগদান সভা অনুষ্ঠিত কৰে।

ADVERTISEMENT

কচুগাঁও মণ্ডল বিজেপিৰ সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বহু সমাজ কৰ্মী, বিপিএফ,জিএছপি আদি দলৰ পৰা আহি প্ৰায় শতাধিক সদস্য আনুষ্ঠানিকভাৱে নতুনকৈ বিজেপিত যোগদান কৰে।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ পাছৰ পৰা ১২ হেজাৰ ৫০০ৰো অধিক সদস্য বিজেপিৰ কচুগাঁও মণ্ডলত নতুনকৈ যোগদান কৰে।

আজিৰ এই যোগদান সভাত মণ্ডল সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰীয়ে নতুনকৈ যোগদান কৰা সদস্য সকলক দলৰ নীতি আৰু আদৰ্শ মানি দল তথা ৰাইজৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায়।

সভাত মণ্ডল সভাপতি সিদ্ধাৰ্থ নাৰ্জাৰীৰ লগতে ভাওৰাগুৰী ভিচিডিচিৰ অধ্যক্ষ পাৰ্থ পাল প্ৰমূখ্যে আন আন বিষয়বৱীয়া কৰ্তকৰ্তাসকল উপস্থিত থাকি নতুনকৈ যোগদান কৰা সদস্য সকলক দলীয় টুপি আৰু প্ৰতিকেৰে দললৈ আদৰণি জনায়।

Exit mobile version