ভূপেন বৰা এতিয়া অসমৰ ৰাজনীতিত কৌতুক অভিনেতা ৰাজকুমাৰ হৈ পৰিছে : বিধায়ক জয়ন্ত মল্ল বৰুৱা

d2603269 0cee 42a3 9d90 82d2009bc9f3

সাংস্কৃতিক জগতত আজি জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত‌ই এক সুকীয়া স্থান দখল কৰিছে । সকলোৱে তেওঁলোকৰ গান শুনি ভাল পায়। কিন্তু কেতিয়াবা কেতিয়াবা ৰাজকুমাৰে ও গান গায় বা অভিনয় কৰে মানুহে সেইয়াও চাই ।

ৰাজকুমাৰক সাংস্কৃতিক জগতখনত মানুহে যিদৰে ভাবে ঠিক তেনেদৰেই ভূপেন বৰা আজি অসমৰ ৰাজনীতিত কৌতুক অভিনেতা ৰাজকুমাৰ হৈ পৰিছে । ভূপেন বৰাই অসমৰ ৰাজনীতিত আজি ৰাজকুমাৰৰ দৰেই থাকি ভাল পাইছে ।

তেওঁৰ হাতত এতিয়া সময়ে সময় ।সেই বাবে তেওঁ কবিতা লিখি সময় অতিবাহিত কৰিছে । ভূপেন বৰাৰ কবিতা ৰাজকুমাৰৰ গানৰ দৰেই- এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ । আজি পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ এক অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ স’তে মুখামুখি হৈ এই মন্তব্য কৰে বৰুৱাই।

আনহাতে মাজুলীত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সমৰ্থনত প্ৰাৰ্থীত্ব প্ৰদান কৰা সম্পৰ্কত সাংবাদিকে সোধা এক প্ৰশ্নত বৰুৱাই লুৰিণজ্যৌতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি কয় ৮৫৫ জন শ্বহীদৰ স্মৃতি বিজৰীত এটি জাতীয় সংগঠনৰ পৰা ওলাই আহি আজি কংগ্ৰেছৰ সমৰ্থনত নিৰ্বাচন খেলিব লগা হোৱাটো আটাইতকৈ দূৰ্ভাগ্যজনক।

তেওঁক ইতিমধ্যে দুটা সমষ্টিত ৰাইজে প্ৰত্যাখ্যান কৰিছে তেওঁ এতিয়া অসমৰ ৰাজনীতিত অসমৰ সমাজ জীৱনত অপ্ৰাসংগিক হৈ পৰিছে বুলি মন্তব্য কৰাৰ উপৰিও তেওঁ পুনৰ কয় লুৰিণজৌতি গগৈৰ কথা এতিয়া কোনেও গুৰুত্ব নিদিয়ে দুদিন টিভিত নোলালেই মানুহে পাহৰি যাব । মাজুলীত আমিয়েই লাভ কৰিম বুলি মত ব্যক্ত কৰে ।

অসমৰ বৌদ্ধিক জগতৰ চিৰনমস্য প্রবাদপুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে প্ৰতিষ্ঠাপিত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমিৰ এই বৰ্ষৰ ন-পুৰণি শিক্ষার্থী সন্মিলন, গ্ৰন্থ আৰু মুখপত্ৰ উন্মোচন অনুষ্ঠান আজি আনন্দৰাম বৰুৱা একাডেমি ডিগ্ৰী কলেজ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।

অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয়,”যিয়ে যি কৰ্ম কৰে সেইজনে সেই ধৰ্ম পালন কৰিব লাগিব৷ তেতিয়াহে সমাজ এখন, দেশ এখন প্ৰগতিৰ দিশত আগুৱাব পাৰিব৷ আমাৰ জাতি স্বাৱলম্বী হলেহে দেশৰ, সমাজৰ প্ৰগতি সম্ভব হʼব।”

আনন্দৰাম বৰুৱা একাডেমিৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড° ৰণজিৎ ডেকাৰ সভাপতিত্বত কৰা আৰু উৎপল মেধিয়ে আঁত ধৰা অনুষ্ঠানটো উদ্বোধন কৰা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই তেওঁৰ ভাষণত পুনৰ কয় যে আমাৰ উঠি অহা যুবক যুৱতীসকল আৰু ভাই ককাইসকল উৎপাদনমুখী হব লাগিব। এটা সময়ত আমাৰ ঘৰৰ চৌহদৰ পাচলিৰে পৰিয়াল চলিছিল কিন্তু আজি সেই পৰিৱেশ নোহোৱা হৈছে আমি সেই পৰিৱেশ ঘুৰাই আনি আমি স্বাৱলম্বী হব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনন্দৰাম বৰুৱা একাডেমিয়ে অসমৰ শিক্ষা জগতত এক বিশেষ স্থান দখল কৰি আহিছে আৰু ভৱিষ্যতেও শিক্ষাৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগাই আহিব বুলি তেওঁ ভাষণত আশা ব্যক্ত কৰে৷

আনন্দৰাম বৰুৱা একাডেমিৰ মুখ্য শৈক্ষিক উপদেষ্টা ৰত্নেশ্বৰ দাসে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত অতিথিসকলক গামোছা, চেলেং চাদৰ, ফুলৰ তোৰা, শৰাই আৰু প্ৰতীকপটেৰে আদৰণি জনায় শিক্ষানুষ্ঠানখনৰ চিনিয়’ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মণ ডেকাই৷

অনুষ্ঠানত কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য প্ৰফেছৰ লাইশ্রাম লাডু সিঙে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ লগতে আনন্দৰাম বৰুৱা একাডেমিৰ সহকাৰী অধ্যাপক কল্যাণ কলিতা আৰু তপন কুমাৰ হাজৰিকাৰ মুখ্য সম্পাদনাত প্ৰকাশ পোৱা আনন্দৰাম বৰুৱা একাডেমিৰ বাৰ্ষিক মুখপত্ৰ “অনুৰণন”ৰ উনবিংশ সংখ্যাটি আৰু কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড° ফুনু দাস শৰ্মা আৰু আনন্দৰাম বৰুৱা একাডেমিৰ সহকাৰী অধ্যাপক ড৹ ছেহনাজ চুলতানাৰ সম্পাদনাত “ইমাৰজিং ইচ্ছুচ এণ্ড ৰিচেণ্ট ট্ৰেণ্ডচ ইন ইণ্ডিয়ান এডুকেশ্বন” গ্ৰন্থখন উন্মোচন কৰে৷

অনুষ্ঠানত কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ড° আৰ এন সিনহাই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত আনন্দৰাম বৰুৱা একাডেমিয়ে প্রয়াত শৰৎ ডেকাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজন কৰা অনলাইন চিত্রাংকণ প্রতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত সকলক নগদ ধন, মানপত্ৰ আৰু মুখপত্ৰ প্ৰদান কৰে উপাধ্যক্ষ অমূল্য কলিতাই৷

Exit mobile version