Next Covid Variant : অ’মিক্রনৰ পাছত দুই প্ৰকাৰৰ কৰ’না ভেৰিয়েন্ট আহিব পাৰে, কিয় সতৰ্ক কৰিছে বৈজ্ঞানীকসকলে

50022374313 4fcc177a52 k

অ’মিক্রনেই শেষ নহয় । ইয়াৰ পাছতো কৰ’নাৰ নানা ৰূপ আহিব পাৰে । ইতিমধ্যে দাবী কৰিছে বৈজ্ঞানিকসকলে । কেনেধৰণৰ হ’ব পাৰে সেই ৰূপ ? সেই সম্পর্কেও এইবাৰ ধাৰণা দিছে তেওঁলোকে ।

ইতিমধ্যে কৰ’নাৰ নতুন ৰূপ অ’মিক্রনে নিজৰ গঠন সলনি কৰি অ’মিক্রন বি.এ-২ৰ ৰূপ ধাৰণ কৰিছে । অনেকৰ মতে, নতুন অ’মিক্রনে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে । কিন্তু বিষয়টো সেইটো নহ’ব‌ও পাৰে । পুনৰ নতুন কোনো ৰূপ ল’ব পাৰে কৰ’নাই । এই দাবী গৱেষণাৰ ।

সম্প্রতি আমেৰিকাৰ Fred Hutchinson Cancer Research Center-ৰ বিজ্ঞানী জেচি ব্লুমে তেওঁৰ গৱেষণাপত্রত আলোকপাত কৰিছে কৰ’নাৰ পৰৱৰ্তী ৰূপৰ । তেওঁৰ মতে, অনাগত সময়ত কৰ’নাৰ দুই ধৰণৰ ৰপ আহিব পাৰে । দুটা শংকাৰ বিষয়ে কৈছে তেওঁ :

অ’মিক্রনে নিজৰ ৰূপ সম্পূর্ণ পৰিৱৰ্তন কৰি নতুন ৰূপ ল’ব । অ’মিক্রন বিএ.১ আৰু অ’মিক্রন বিএ.২ৰ সম্পূর্ণ পৃথক ৰূপ ল’ব অ’মিক্রনে । সেইটোৱে বিৰাট আকাৰ ল’ব ।

প্রায় একেই মত University College London-ৰ গৱেষক লুচি থ্রোনেৰো ।

কিন্তু ইয়াতকৈও ডাঙৰ প্রশ্নটো হ’ল :

পৰৱৰ্তী ৰূপটো কিমান ভয়ংকৰ হ’ব ?

University of Hong Kong-ৰ গৱেষক মাইকেল চানৰ মতে, এই পর্যন্ত এনে কোনো প্রমাণ পোৱা নাই যে, প্ৰৱৰ্তী ভেৰিয়েন্টটো খুব দুর্বল হ’ব । এইটোও হ’ব পাৰে যে পিছৰ ৰূপটোৱে নাক আৰু ডিঙিত অন্যধৰণে সংক্রমণ ঘটালে, শৰীৰৰ কোষৰ অন্যধৰণে ক্ষতি কৰিলে ।

কিমান সংক্ৰমিত হৈছে কৰ’না ?

ইতিমধ্যে উত্থাপিত হৈছে আন এটা প্রশ্ন । কৰ’না কি মানুহৰ উপৰিও অন্য প্রাণীৰ মাজতো বিয়পি পৰিছে ? ইয়াৰো কিছু প্রমাণ পাইছে বৈজ্ঞানীকসকলে । হৰিণ আৰু অন্যান্য কিছু প্রাণীৰ মাজত এই ভাইৰাছ সংক্রমণৰ লক্ষণ পোৱা গৈছে । সেই বিষয়েও সাৱধান কৰিছে বৈজ্ঞানীকসকলে ।

Exit mobile version