Russia-Ukraine Conflict : খাৰকিভত তুমুল যুদ্ধ, গেছৰ পাইপলাইন ধ্বংস কৰিলে ৰুছ সেনাই, কিভৰ তেলভাণ্ডাৰত ৰকেট আক্ৰমণ

2200

সামৰিক অভিযানৰ চতুর্থ দিনত খাৰকিভ আৰু ইউক্রেইনৰ ৰাজধানী কিভত প্রবল প্রতিৰোধৰ সন্মুখীন হৈছে ৰুছ সেনা । এই দুই ঠাইত তুমুল যুদ্ধ চলিছে দুপক্ষৰ সেনাৰ মাজত । ৰকেট আক্ৰমণ চলাই খাৰকিভত গেছ পাইপলাইন ধ্বংস কৰিছে ৰুছ সেনাই । আনহাতে, কিভত তেল ভাণ্ডাৰৰো বিস্ফোৰণ ঘটোৱাৰ খবৰ পোৱা গৈছে স্থানীয় সংবাদমাধ্যম সূত্রে ।

ইতিমধ্যে ৰাছিয়াৰ ওপৰত আর্থিক প্রতিবন্ধকতা জাৰি কৰিছে আমেৰিকা, ইউৰোপীয় ইউনিয়ন আৰু ব্রিটেইনে । ৰাছিয়াৰ বেংকবোৰক আন্তর্জাতিক লেনদেনৰ পৰা বিচ্ছিন্ন কৰাৰ জোৰদাৰ প্রস্তুতি চলিছে । বিগত কিছুদিন ধৰি পশ্চিমৰ দেশসমূহহে ৰাছিয়াক নানান ধৰণে সকীয়নি দিছে, সামৰিক অভিযান বন্ধ নকৰিলে তেওঁলোক সমস্যাত পৰিব । এইবাৰ আৰু সকীয়নি নহয়, ৰাছিয়াক আর্থিক দিশৰ পৰা পংগো কৰাৰ কাম আৰম্ভ কৰিছে পশ্চিমৰ দেশসমূহে ।

শনিবাৰে ফৰাচী ৰাষ্ট্ৰপতি ইমান্যুৱেল মেক্ৰন, তুৰক্সৰ ৰাষ্ট্ৰপতি এর্দোয়ান আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স’তে আলোচনা কৰে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিয়ে । তেওঁলোকক সহযোগিতাৰ আবেদন জনাইছে ইউক্রেইনৰ ৰাষ্ট্ৰপতিয়ে । বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লোকাশেংকোৱে ফোন কৰি সেই দেশৰ পৰা ৰুছ সেনা প্ৰত্যাহাৰ কৰাৰ আবেদন জনাইছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে তেওঁৰ দেশৰ ষ্টেট ডিপার্টমেন্টক নির্দেশ দিছে যথা শীঘ্ৰে সম্ভৱ ইউক্রেইনত অস্ত্র প্ৰেৰণ কৰিব লাগিব । জার্মানী আৰু ফ্রান্সতো অস্ত্র আৰু বোমা সৰবৰাহ কৰা আৰম্ভ কৰিছে ।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত দেওবাৰে জৰুৰী ভিত্তিত বৈঠকৰ আহ্বান জনাইছে । ৰাছিয়াৰ আগ্রাসনী নীতি আৰু সামৰিক অভিযানক লৈ সোমবাৰে সদস্য দেশসমূহৰ মাজত ভোট অনুষ্ঠিত হ’ব ।

Exit mobile version