Russia-Ukraine Conflict : যুদ্ধক্ষেত্রত নতুন কৌশল, শত্রুক বিভ্রান্ত কৰিবলৈ পথৰ দিকনির্দেশ মচিছে ইউক্রেইনে

ৰুছ সেনাক বিভ্রান্ত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ইউক্রেইনে । পথৰ সমস্ত চিহ্ন মচি আক্ৰমণকাৰীসকলক দিকভ্রান্ত কৰাৰ কৌশল অৱলম্বন কৰিছে তেওঁলোকে । ৰুছ সেনাই যাতে ইউক্রেইনৰ অন্যান্য প্রান্তত যাব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত বুলি প্রশাসনিক সূত্রে খবৰ ।

সাধাৰণতে সমস্ত গুৰুত্বপূর্ণ পথবোৰত দিক নির্দেশৰ বোর্ড থাকে । যাৰ সহায়ত সহজেই গন্তব্যস্থলত যাব পাৰে । কিন্তু ইউক্রেইনে পথৰ সেইসমূহ দিকনির্দেশ মচি ৰুছ সেনাক এটা চক্রবেহত পেলোৱৰ কৌশল লৈছে । যাতে সহজে তেওঁলোকে গন্তব্যস্থলত যাব নোৱাৰে আৰু দিকভ্রান্ত হয় । সেই সুযোগেই লৈ ৰুছ সেনাৰ ওপৰত জঁপিয়াই পৰিছে ইউক্রেইনৰ সেনা । ৰাজধানী কিভত ৰুছ সেনা প্ৰৱেশ কৰিলেও তেওঁলোকে প্রবল প্রতিৰোধৰ সন্মুখীন হ’বলগীয়া হৈছে । আনহাতে, তুমুল যুদ্ধ চলিছে খাৰকিভতো । সাধাৰণ নাগৰিকসকলেও হাতত বন্দুক তুলি লৈছে । কিভৰ পথত ৰুছৰ আগ্রাসন ৰোধ কৰিবলৈ প্রস্তুত তেওঁলোক ।

সামৰিক শক্তিৰে নোৱাৰিলেও, এইবাৰ সৰু সৰু কৌশলেৰে ৰুছ সেনাক ফান্দত পেলাইছে ইউক্রেইনে । তাৰে এটা হ’ল পথৰ সকলো দিকনির্দেশ আঁতৰাই দিয়া । দেশৰ এটা নির্মাণ সংস্থাক এই কাম কৰাৰ দায়িত্ব দিয়া হৈছে । সেই সংস্থাটোৱে জনাইছে, ৰুছ সেনাক বিভ্রান্ত কৰিবলৈ এই কৌশল ।

Exit mobile version