Russia Ukraine War : ভাৰতত ভাঙি পৰিব আইএছএছ, সকীয়নি ৰাছিয়াৰ

আমেৰিকা আৰু ৰাছিয়া, এই দুই দেশৰ মাজত সুসম্পর্ক বজায় ৰাখিবলৈ আন্তর্জাতিক মহাকাশ গৱেষণা কেন্দ্রৰ (আইএছএছ)ৰ পত্তন হৈছিল । এতিয়া ৰাছিয়াৰ ওপৰত আমেৰিকাই বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ৰুছ মহাকাশ গৱেষণা সংস্থা ৰছকছমছ-এ দাবী কৰিছে যে, এই নিষেধাজ্ঞাৰ ফলত যি কোনো সময়ত পৃথিৱীত আইএছএছ আহিব পাৰে, বা তেনে ধৰণৰ কোনো ঘটনা সংঘটিত হ’লে ৰাছিয়া তাৰ বাবে দায়ী নহয় ।

ৰছকছমছ-ৰ প্রধান ডিৰেক্টৰ-জেনেৰেল দিমিত্রি ৰগোজিনে আজি আমেৰিকাক উদ্দেশ্যি টুইট কৰে, ‘‘আইএছএছে আমাৰ সহযোগিতা সম্পূৰ্ণ বন্ধ কৰি দিব বিচাৰে নেকি ?’’ ৰুছ ভাষাত কৰা ৰগোজিনৰ এই টুইটটো অনুবাদ কৰি ৰি-টুইট কৰিছে এটি মহাকাশ বিজ্ঞান পত্রিকাৰ সম্পাদক এৰিক বার্গাৰে । ৰগোজিনে আৰু টুইট কৰে যে, ‘‘আমাৰ স’তে সহযোগিতা বন্ধ কৰি দিলে আইএছএছ যদি আমেৰিকা বা ইউৰোপৰ ওপৰত আহি পৰে ? তেতিয়া কি হ’ব ? পাঁচশ টন ওজনৰ কেন্দ্রটোতো ভাৰত বা চীনৰ ওপৰতো ভাঙি পৰিব পাৰে । আপোনালোকে তেতিয়া তাৰ দায়িত্ব ল’ব নেকি ?’’ ভূপৃষ্ঠৰ পৰা চাৰিশ কিলোমিটাৰ ওপৰত এই মহাকাশ ষ্টেচনে দিনে ১৫-১৬ বাৰ পৃথিৱীক প্রদক্ষিণ কৰে । কিন্তু তাৰ কক্ষপথ কেতিয়াও ৰাছিয়াৰ ওপৰেৰে নাযায় ।

সেই প্রসংগটোও উল্লেখ কৰি ৰগোজিনে কয়, ‘‘আপোনালোকেই কিন্তু বিপদত পৰিব ।’’ ইউৰোপীয় মহাকাশ গৱেষণা কেন্দ্র সূত্রে জানিব পৰা মতে, আইএছএছৰ দিগ্‌নির্দেশ, যাত্রাপথ আৰু কক্ষপথ নিয়ন্ত্রণ অধিকাংশই ৰাছিয়াৰ দায়িত্বত । সেয়ে ষ্টেচনটোক কক্ষপথত ধৰি ৰখাত ৰাছিয়াৰ গুৰুত্বপূর্ণ ভূমিকা আছে । আইএছএছত সম্প্ৰতি চাৰি আমেৰিকান, এজন জার্মান আৰু দুজন ৰুছ মহাকাশচাৰী আছে ।

আমেৰিকান মহাকাশ গৱেষণা সংস্থা নাছা-ই জনাইছে, আমেৰিকাই ৰাছিয়াৰ ওপৰত যিসমূহ নিষেধাজ্ঞা আৰোপ কৰিছে, মহাকাশ সহযোগিতাৰ ক্ষেত্রমূহ সেইসমূহৰ অধীনত নপৰে । সেয়ে আইএছএছৰ দুর্ঘটনা সংঘটিত হোৱাৰ কোন শংকা নাই ।

Exit mobile version