অধিক নিমখীয়া,মিঠা,চৰ্বিযুক্ত খাদ্যত বৃদ্ধি পাব পাৰে কৰ

72844542

ভাৰতীয়সকলৰ মাজত মেদবহুলতা অর্থাৎ শৰীৰৰ চর্বি বৃদ্ধিৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।ভাৰতীয়সকলক মেদবহুলতাৰ পৰা সকাহ দিবলৈ কেন্দ্রীয় চৰকাৰে অত্যাধিক নিমখ, চেনিযুক্ত আৰু চর্বি থকা খাদ্যত অধিক কৰ আৰােপ কৰাৰ সম্ভাৱনা আছে।

নিটি আয়ােগে এই সন্দৰ্ভত সম্প্রতি চিন্তা-চৰ্চা অব্যাহত ৰাখিছে। আয়ােগৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতত শিশু, কিশােৰ-কিশােৰী আৰু মহিলাৰ মাজত চর্বি বৃদ্ধিৰ সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে।

এই সমস্যাৰ পৰা দেশবাসীক মুক্ত কৰিবলৈ নিটি আয়ােগে অত্যধিক মিঠা, নিমখীয়া আৰু চর্বিযুক্ত খাদ্যৰ প্রচলন ভাৰতত হ্ৰাস কৰিবলৈ এনেবােৰ খাদ্যত অধিক কৰ আৰােপৰ কথা বিবেচনা কৰিছে।

অৱশ্যে এই বিষয়ত এতিয়াও আয়ােগে কোনাে সিদ্ধান্তত উপনীত হােৱা নাই। ২০১৯-২০ বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ তথ্য অনুসৰি ভাৰতৰ ২৪ শতাংশ মহিলা আৰু ২২.৯ শতাংশ পুৰুষ মেদবহুলতাত আক্রান্ত হৈছে।

Exit mobile version