ইউক্ৰেইনৰ পূৱ অংশৰ পৰা পশ্চিমত ভ্ৰমণ কৰা অসম্ভৱ, সহায় বিচাৰিছে অসমৰ অৰিন্দমে

Screenshot 305

অসমৰ এজন ছাত্ৰ অৰিন্দম ফুকনে এটা ভিডিঅ’ বার্তাত জনাইছে যে তেওঁ ইউক্ৰেইনৰ পশ্চিম অংশত আবদ্ধ হৈ আছে । তেওঁ বৰ্তমান এটা বাংকাৰত আশ্ৰয় লৈ আছে । ভিডিঅ’টোত তেওঁ সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে জনাইছে আৰু ভাৰত চৰকাৰৰ সহায় বিচাৰিছে ।

অৰিন্দমে কয়, “ম‌ই অৰিন্দম ফুকন । ম‌ই ইউক্ৰেইনৰ পূৱ অংশত আবদ্ধ হৈ আছো । বৰ্তমান এটা বাংকাৰত আশ্ৰয় লৈ আছো । ভাৰত চৰকাৰে উদ্ধাৰকাৰ্যৰ প্ৰক্ৰিয়াৰ বিষয়ে কৈছে, কিন্তু আমি ইউক্ৰেইনৰ পূৱ অংশত আছো । যিহেতু পশ্চিম অংশত উদ্ধাৰকাৰ্য চলোৱা হৈছে, বৰ্তমান পৰিস্থিতিত পূৱ অংশৰ পৰা পশ্চিম অংশলৈ ভ্ৰমণ কৰাটো অসম্ভৱ হৈ পৰিছে ।কাৰণ, ভ্ৰমণ কৰিবলৈ কোনো পৰিবহণৰ সুবিধা নাই…. আশা কৰো ভাৰত চৰকাৰে পূৱ অংশটো উদ্ধাৰকাৰ্য চলাবলৈ পদক্ষেপ গ্ৰহণ কৰিব ।”

https://fb.watch/bswAAjgNKL/

উল্লেখ্য যে, অপাৰেছন গংগা’ৰ অধীনত এই পৰ্যন্ত ১,৩৯৬ জন শিক্ষাৰ্থীক ছয়টা উদ্ধাৰকাৰী বিমানত ভাৰতত অনা হৈছে ।

Exit mobile version