দেশত জুনত আগমন ঘটিব ক’ভিডৰ সংক্ৰমণৰ চতুৰ্থ ঢৌৰ

INVW5RE4XFJDJEQGINLGBAWS6U

বিশ্বৰ লগতে ভাৰততাে ক’ভিডৰ সংক্রমণ সম্প্রতি নিয়ন্ত্ৰণত আছে। এনে সময়তে বিজ্ঞানীসকলে ঘােষণা কৰা অনুসৰি ভাৰতত ক’ভিডৰ সংক্ৰমণৰ চতুর্থ ঢৌৰ আগমন ঘটাটো নিশ্চিত।

ইণ্ডিয়ান, ইনষ্টিটিউট অব টেকনলজি (আই আই টি) কানপুৰৰ বিজ্ঞানীয়ে এই কথা প্রকাশ কৰি দাবী কৰা অনুসৰি ভাৰতত ক’ভিডৰ চতুর্থটো টৌৰ আগমন অহা ২২ জুনৰ আশে-পাশে ঘটিব আৰু ইয়াৰ প্ৰভাৱ ২৪ অক্টোবৰলৈকে থাকিব।

উল্লেখ্য যে আই আই টি কানপুৰৰ গৱেষকে পূর্বে ভাৰতত ক’ভিডৰ সংক্ৰমণৰ সন্দৰ্ভত কৰা আটাইকেইটা ভৱিষ্যদ্বাণী সত্য প্রমাণিত হৈছিল।

এইবাৰ আই আই টিৰ গৱেষকে সংক্রমণ সন্দৰ্ভত পুনৰ গাণিতিক পদ্ধতিৰে অধ্যয়ন চলাই ঘােষণা কৰিলে যে জুনতে দেশত কৰ’নাৰ চতুর্থ ঢৌৰ আগমন ঘটিব আৰু ইয়াৰ প্ৰভাৱ দেশত প্ৰায় চাৰি মাহ থাকিব।

অ’মিক্রনৰ পাছত আগমন ঘটিব লগা ক’ভিডৰ নতুন প্রজাতি কিমান মাৰাত্মক হ’ব সেয়া টিকাকৰণৰ দিশটোৱে নির্ণয় কৰিব বুলিও আই আই টি গৱেষকসকলে জানিবলৈ দিয়ে।

আই আই টিৰ গৱেষকৰ তথ্য অনুসৰি দেশত ক’ভিডৰ সংক্ৰমণৰ চতুর্থ ঢৌৱে ১৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ সময়ছােৱাত শীৰ্ষত আৰােহণ কৰিব।

স্মর্তব্য যে আই আই টি কানপুৰৰ গৱেষকে পূর্বে দাবী কৰি কৈছিল যে ভাৰতত ক’ভিডৰ সংক্ৰমণৰ তৃতীয় টৌৰ প্রভাৱ দীর্ঘ দিন নাথাকিব আৰু অতি কম সময়ৰ ভিতৰতে সংক্রমণে শীর্ষত আৰহণ কৰি নিয়ন্ত্রণলৈ আহিব।

Exit mobile version