‘ভাং খাই মহাদেৱে’ শীৰ্ষক গীতৰ ভিডিও মুকলি

ebf3d25a 2a25 4b6c a45c bc2866df00f4

মহা শিৱৰাত্ৰীৰ প্ৰাকক্ষণত মুক্তি লাভ কৰিলে “ভাং খাই মহাদেৱে ” শীৰ্ষক এটা নতুন গীতে । আজি গুৱাহাটী প্ৰেছ ক্লাৱৰ বাকৰিত গীতটোৰ ভিডিওটো মুকলি কৰা হয় ।

উল্লেখ্য, সাংবাদিক মনোজ দুৱৰাই কন্ঠদান কৰা ‘ভাং খাই মহাদেৱে’ শীৰ্ষক গীতটো ৰচনা কৰিছে পৰমেশ নাথে । গীতটোৰ সংগীত ব্যৱস্হাপনা জনপ্ৰিয় শিল্পী পাপু লেফ্টিবেছৰ ।

নগাৱঁৰ মহা মৃত্যঞ্জয় মন্দিৰৰ মনোমোহা ঠাইত দৃশ্যগ্ৰহণ কৰি প্ৰস্তুত কৰি উলিওৱা হৈছে মিউজিক ভিডিঅ’টো। সোমবাৰে সাংবাদিক আৰু শুভাকাংক্ষীৰ উপস্হিতিত গীতটো মুকলি কৰে সাংবাদিক ঋতুষ্মিন শৰ্মা,জ্যোতিদ্বীপ বৈশ্য তথা গীতটোৰ লগত জড়িত শিল্পী -কলা কুশলীয়ে ।

Exit mobile version