Russia-Ukraine Conflict : ইউক্ৰেইনক লৈ নিৰাপত্তা পৰিষদৰ বিশেষ বৈঠক

1645848346 un 1

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণ আৰু সৈন্য প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিল ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে।কিন্তু বিগত শুক্ৰবাৰে, নিজৰ ভেটো ক্ষমতা ব্যৱহাৰ কৰি সেই প্ৰস্তাৱ নাকচ কৰে ৰাছিয়াই । এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘই দেওবাৰে পুনৰ এখন জৰুৰী বৈঠক আহ্বান কৰে।

ADVERTISEMENT

জৰুৰী ভিত্তিত বিশেষ এই অধিৱেশনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ১৯৩ জন সদস্যক উপস্থিত থাকিবলৈ কোৱা হয়। আজি অনুষ্ঠিত হ’ব এই বিশেষ অধিৱেশন ।

ইয়াৰ পূৰ্বে, ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে আমেৰিকা খচৰা প্ৰস্তাৱত ভোটদানত দূৰত আছিল ভাৰত, চীন আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী । সেই আলোচনাৰ পাছত ৰাষ্ট্ৰসংঘই পুনৰ এক জৰুৰী বৈঠক আহ্বান কৰে।

ভাৰত আৰু চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ৰাছিয়াৰ বিৰুদ্ধে ভোট নিদিয়াৰ কাৰণবোৰ বৰ্ণনা কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে এক বিবৃতিত কয় যে ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ ভাৰত চিন্তিত।

এক বিবৃতিত তেওঁ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাক সন্মান জনাই পুটিন আৰু মোদীৰ মাজত হোৱা ফোন কলৰ কথা উল্লেখ কৰে।

যদিও নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিয়া আমেৰিকাৰ প্ৰস্তাৱৰ সপক্ষে ১১ টা ভোট আছিল, ৰাছিয়াৰ ভেটোৰ ফলস্বৰূপে ইয়াক গৃহীত কৰা হোৱা নাছিল।

Exit mobile version