পুটিনৰ ক্ষেপণাস্ত্ৰ পৰা নাই এতিয়াও । কিন্তু বৰাহনগৰত যেন শ্মশানৰ নিস্তব্ধতা !
কূটনীতিৰ জালত ধ্বংস হৈছে গর্বিত হোৱাৰ মুহূর্ত ।
প্রতি চাৰি বছৰত এবাৰ সমগ্ৰ বিশ্বৰ সকলো বিশিষ্ট গণিতজ্ঞ একজোঁট হয় কোনো এখন দেশত । তাতেই হয় বৰ্তমানৰ গৱেষণাক লৈ চর্চা । উল্লেখযোগ্য যে গৱেষণাৰ বাবে ৪০ অনূর্ধ্ব দুই, তিনি বা চাৰি গণিতজ্ঞক ‘ফিল্ডছ মেডেল’ দিয়া হয় । যি অংকত নোবেল জয়ৰ সমতুল্য ।
‘ইন্টাৰনেছনেল কংগ্রেছ অৱ মেথমেটিছিয়ানছ’ (আইচিএম) হ’ল গণিত জগতৰ সৰ্বোচ্চ সন্মানিত সমাগম । ১৮৯৭ত প্রথম ছুইজাৰলেণ্ডৰ জুৰিখ চহৰত অনুষ্ঠিত হৈছিল এই কনফাৰেন্স । তেতিয়াৰ পৰাই প্রতি চাৰি বছৰৰ মূৰত কেতিয়াবা ৰোম, কেতিয়াবা বার্লিন বা অন্য কোনো চহৰত বহে গণিতচর্চাৰ সমাবেশ । আগন্তুক দিনত কোন দিশে যাব অংকৰ বিষয়ে গৱেষণা সেয়াও আলোচনাৰ মাধ্যমত সিদ্ধান্ত লোৱা হয় ইয়াত । চলিত বৰ্ষত গণিতৰ সেই ‘বিশ্বকাপ’ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাছিয়াৰ চেন্ট পিটার্ছবার্গ চহৰত ।
এনে সমাৰোহত বক্তৃতা ৰখাৰ বাবে আমন্ত্রণ পোৱা এক অর্থে ‘হল অৱ ফেম’-ত যোগ দিয়াৰ সদৃশ সন্মান । বিশ্ব বিখ্যাত প্রায় সকলো গণিতজ্ঞই এই কংগ্রেছত যোগ দিছে বিভিন্ন সময়ত । চলিত বৰ্ষত এই অনুষ্ঠানৰ বাবে ভাৰতীয় বংশোদ্ভূত পাঁচ গণিতজ্ঞই আমন্ত্ৰণ পাইছিল । তেওঁলোকৰ ভিতৰত তিনিজন নীনা গুপ্ত, মালবিকা প্রামাণিক আৰু মহেশ কাকড়ে তেওঁ বৰাহনগৰৰ ‘ইণ্ডিয়ান ষ্টেটিছটিকেল ইনষ্টিটিউট’ (আইএছআই)-ৰ প্রাক্তন ছাত্র ।
সচৰাচৰ কলকাতাই এনে আমন্ত্রণ নাপায় । বিশ্বখ্যাত গণিতজ্ঞৰ ভিৰত বৰাহনগৰ আইএছআই-ৰ নাম উজ্জ্বল কৰিলে হয় তিনি তাৰকা গণিতজ্ঞই । ফলত আইএছআই-ৰ গর্বৰ অন্ত নাছিল ।
কিন্তু সেই গর্বত চেঁচা পানী ঢালিলে ৰুছ-ইউক্রেইন যুদ্ধই বা ভ্লাদিমিৰ পুটিনৰ ক্ষেপণাস্ত্ৰই । অহা ছয়ৰ পৰা ১১ জুলাইৰ সেই অধিবেশন ৰাছিয়াত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে ‘ইন্টাৰনেছনেল মেথামেটিকেল ইউনিয়ন’ (আইএমইউ)এ ।
এয়া এক প্রকাৰ প্রতিবাদো । আইএমইউ-ৰ তৰফৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে, ৰাছিয়াৰ ইউক্রেইন আক্রমণ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰা হৈছে সংগঠনৰ তৰফৰ পৰা । এনে পৰিস্থিতিত সেই দেশত কোনো সমাবেশ কৰা ঠিক নহ’ব বুলি মত প্রকাশ কৰিছে আইএমইউ-ৰ সদস্যসকলে । সংগঠনৰ ৱেবছাইটত সমকালীন পৰিস্থিতিৰ ব্যাখ্যা কৰি লিখা হৈছে, ‘ৰাছিয়াৰ এই পদক্ষেপৰ আমি কঠোৰ নিন্দা কৰিছো । ইউক্রেইনৰ সকলো সহকর্মী আৰু নাগৰিকৰ প্রতি আমাৰ আন্তৰিক সমবেদনা ।’
এনে পৰিস্থিতিত আইএমইউ-এ ৰাছিয়াৰ বাহিৰতেই এই সমাবেশ কৰাৰ সিদ্ধান্ত লৈছে । কিন্তু তাতেও সমস্যা ! এতিয়া হাতত ইমান সময় নাই যে, নতুন অনুষ্ঠানস্থল বাছি সকলো আয়োজন সম্পন্ন কৰিব পাৰি । সংগঠনৰ কর্তাসকলে ভাবিছিল যে, সম্প্ৰতি সমাবেশ পিছুৱাই দিব । পাছত নতুনকৈ আয়োজন কৰিব । অৱশেষত তেওঁলোকে বুজে যে, এই সমস্যা সমাধানৰ কোনো নির্দিষ্ট সময়সীমা নাই । তেতিয়া সিদ্ধান্ত হয়, চলিত বৰ্ষত সকলো ‘অনলাইন’ত হ’ব ।
সম্প্ৰতি অনলাইন ব্যৱস্থাতে বিশ্বজুৰি নানা কাম হয় । অনলাইনত ভাবনাৰ আদানপ্রদান বা পুৰষ্কাৰ ঘোষণাত কোনো বাধা নাহিব, কিন্তু সেই গুণিজন সমাগমতো উপস্থিত নাথাকিব ।